• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2022 10:42 am
Bihar Nitish Kumar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছত আজি বিহাৰত গঠন হ’ব মহাজোঁটৰ নতুন চৰকাৰ। মঙ্গলবাৰে বিজেপিৰ সঙ্গ ত্যাগ কৰি জেডিইউৰ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰজেডি আৰু অন্যান্য বিৰোধী দলসমূহক অন্তৰ্ভুক্ত কৰি এক নতুন মহাজোট ঘোষণা কৰে।

আজি এই মহাজোঁটৰ নেতা নীতিশ কুমাৰে বিয়লি ৪ বজাত অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

Apply Now

ইফালে আৰজেডিৰ নেতা তেজস্বী যাদৱে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ বাহিৰে আজি আন কোনো মন্ত্ৰীয়ে শপত গ্ৰহণ নকৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কালি ৰাজ্যপালৰ সৈতে দ্বিতীয় বৈঠকৰ পিছতে নীতিশ কুমাৰে সাতটা দল আৰু এগৰাকী নিৰ্দলীয় বিধায়কৰ সহায়ত মহাজোটঁ গঠনৰ কথা ঘোষণা কৰিছিল।

ৰাজ্যপালৰ সৈতে হোৱা প্ৰথমখন বৈঠকৰ পিছত কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ এঘণ্টাৰ পিছতে তেওঁ তেজস্বী যাদৱ আৰু অন্যান্য বিৰোধী নেতাসকলৰ সৈতে পুনৰ ৰাজ্যপালক সাক্ষাৎ কৰি পৰৱৰ্তী চৰকাৰ গঠনৰ প্ৰস্তাৱ দিয়ে।

আনহাতে নীতিশ কুমাৰে বিজেপিৰ মিত্ৰতা ত্যাগ কৰি এনেদৰে নতুন মিত্ৰজোঁট গঠনেৰে জনসাধাৰণক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। লগতে দলটোৱে নীতিশ কুমাৰৰ পদক্ষেপৰ বিৰুদ্ধে ৰাজ্যব্যাপী প্ৰতিবাদৰো ঘোষণা কৰিছে।

লক্ষ্যণীয়ভাৱে নীতিশ কুমাৰে দ্বিতীয়বাৰৰ বাবে বিজপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে। ইয়াৰ পূৰ্বে ৰেন্দ্ৰ মোদীৰ বিৰোধিতাৰে তেওঁ ২০১৩ চনত এন ডি এ- ৰ পৰা ওলাই আহি ২০১৫ চনত লালু প্ৰসাদ যাদৱৰ আৰজেডি আৰু কংগ্ৰেছৰ সৈতে চৰকাৰ গঠন কৰিছিল।

কিন্তু ২০১৭ চনত নীতিশ কুমাৰে তেজস্বী যাদৱৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি এই তিনি-দলীয় মিত্ৰজোঁটৰ পৰা আঁতৰি আহি পুনৰ বিজেপিৰ সৈতে মিলি চৰকাৰ গঠন কৰিছিল।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে জনতা দল (ইউনাইটেড)ক বিভক্ত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ তুলি নীতিশ কুমাৰে শেহতীয়াকৈ বিজেপিৰ সংগ ত্যাগ কৰাৰ ইংগিত দিছিল।

লগতে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিয়েও নীতিশ কুমাৰক বিজেপিৰ ৰাজনৈতিক পৰিকল্পনাৰ কথা চিন্তা কৰিবলৈ বাধ্য কৰিছিল।

অৱশেষত ইয়াৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপেই বিজেপিৰে সম্পৰ্ক ছিন্ন কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি কুমাৰে আৰজেডিৰ বাবে মিত্ৰতাৰ দুৱাৰ মুকলি কৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd