একেখন বিমানতে দিল্লীলৈ উৰা মাৰিলে নীতিশ-তেজস্বীয়ে : চৰকাৰ গঠনৰ কুজকাৱাজ বিৰোধী ঐক্যৰ

মঙলবাৰে ঘোষণা কৰা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। ২০১৪ আৰু ২০১৯ চনৰ দৰে সংসদৰ নিম্ন সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দল বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে। কিন্তু মিত্ৰজোঁট হিচাপে চৰকাৰ গঠন কৰিব পৰাকৈ সাংসদ আছে বিজেপি মিত্ৰোজোঁটৰ।

এনে পৰিস্থিতিত বুধবাৰে বিজেপি মিত্ৰজোঁট আৰু বিৰোধী ঐক্য ইণ্ডিয়াই দিল্লীত পৃথক পৃথক বৈঠকত মিলিত হয়। এই বৈঠকক লৈ ইতিমধ্যে দেশৰ ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

বুধবাৰে একেখন বিমানতে দিল্লীলৈ ৰাওনা হ’ল আৰজেডি নেতা তেজস্বী যাদৱ আৰু জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ। আনকি বিমানত তেওঁলোকৰ আসনো একেলগে আছে। অৱশ্যে দুখন পৃথক বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈ আছে নেতা দুগৰাকী।

বিজেপি মিত্ৰজোঁটৰ বৈঠকৰ বাবে দিল্লীলৈ গৈছে নীতিশ কুমাৰ। আনহাতে বিৰোধী ঐক্য ইণ্ডিয়াৰ বৈঠকত বহিব তেজস্বী। অৱশ্যে বিহাৰৰ পৰা একেখন বিমানতে দুয়ো দিল্লী অভিমুখে ৰাওনা হয়।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে মুঠ ২৯২ খন আসন লাভ কৰিছে। তাৰ ভিতৰত বিজেপিয়ে অকলে লাভ কৰিছে ২৪০খন আসন। আনহাতে বিৰোধী ঐক্য ইণ্ডিয়াই ২৩৩খন আসন লাভ কৰিছে। সেই হিচাপত কোৱা হৈছে যে সকলো ঠিকে থাকিলে কেন্দ্ৰত বিজেপি মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব।

মন কৰিবলগীয়া যে নীতিশ কুমাৰৰ ৰাজনৈতিক ইতিহাসত তেওঁ বহুবাৰ মিত্ৰতা সলনি কৰাৰ নজীৰ আছে। জানুৱাৰী মাহত তেওঁ মিত্ৰজোঁট ‘ইণ্ডিয়া’ ত্যাগ কৰি বিজেপি মিত্ৰজোঁটত যোগদান কৰিছিল। তেতিয়াৰ পৰাই তেওঁ বিজেপিৰ লগত আছে। আনহাতে নীতিশৰ ৰাজনৈতিক শত্ৰু তেজস্বী যাদৱ ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্য।

এনে পৰিস্থিতিত একেখন বিমানতে দুয়ো একেলগে দিল্লীলৈ যাত্ৰা কৰা দেখি ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে ৪০খন আসন থকা বিহাৰত বিজেপি মিত্ৰজোঁটে ১২খন আসন লাভ কৰিছে। আনহাতে, তেজস্বী যাদৱৰ আৰজেডিয়ে লাভ কৰিছে ৪খন আসন।