DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুছলমান মানেই বাংলাদেশী বুলি প্ৰমাণ কৰিবলৈ হিমন্তক প্ৰত্যাহ্বান নিতুমণিৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 28, 2019 7:07 am
Moinbori barpeta.docx photo

মইনবড়ীত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দিছে নিতুমনি শইকীয়াই। ফটো : নৰ্থইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত মইনবড়ী সত্ৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক প্ৰত্যাহ্বান জনাই দেওবাৰে মইনবড়িত অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা ৷ ছোচিয়েল ওৱেলফেয়াৰ ছোচাইটিৰ উদ্যোগত প্ৰয়াত সত্ৰাধিকাৰ ভগবান চন্দ্ৰ অধিকাৰী আৰু ইছাহক আলী সোৱৰণী মঞ্চত সন্ধিয়া ৫:৩০ বজাৰ পৰা আৰম্ভ হয় এই মুকলি সভা ৷

মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ সু-সন্তান দশৰথ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে বৈদ্যুতিন মাধ্যম “প্ৰতিদিন টাইম”ৰ  মুখ্য সম্পাদক নিতুমণি শইকীয়াই ৷ ভাষণ প্ৰসংগত শইকীয়াই কয় যে, মইনবড়িৰ সৈতে সত্ৰৰ এক সুকীয়া পৰিচয় আছে ৷ অসমত থকা সম্প্ৰীতিৰ বান্ধোনডাল অকামিলা কৰাৰ বাবে একাংশ ৰাজনৈতিক নেতাই চেষ্টা চলাইছে ৷

সমন্বয়ৰ পৰিৱৰ্তে বিভেদৰ বীজ চটিওৱাত একাংশ ৰাজনৈতিক নেতা ব্যস্ত হোৱা বুলিও তেওঁ উল্লেখ কৰে৷ মন্ত্ৰী হিমন্তই বাঘবৰ আৰু জনীয়াত গৈ কবিতা আবৃত্তি কৰিবলৈ জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰি বাঘবৰ সমষ্টিৰ মইনবড়ীত আহি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃতি কৰা বুলিও শইকীয়াই কয় ৷

বাঘবৰ আৰু জনীয়াৰ মুছলমান লোক সকল বাংলাদেশী বুলি মন্ত্ৰী হিমন্তই কোৱা কথাষাৰ সঁচা বুলি প্ৰতিপন্ন কৰাৰ বাবে মন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনায় শইকীয়াই ৷  ক্ষমতা আৰু নিজৰ গাদী সুৰক্ষিত কৰাৰ স্বাৰ্থত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  বিতৰ্কিত মন্তব্য কৰি সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিব বিচৰা বুলিও তেওঁ উল্লেখ কৰে ৷

ধৰ্মীয় উন্মাদনা নথকা দেশসমূহে বিজ্ঞান প্ৰযুক্তি বিদ্যাৰে উন্নতিৰ শিখৰত আৰোহন কৰা বুলি উল্লেখ কৰি ধৰ্মীয় উন্মাদনা থকা দেশসমূহত অশান্তি বিৰাজমান হোৱা বুলিও তেওঁ কয় ৷ কেন্দ্ৰীয় চৰকাৰে আমেৰিকা, চীন, জাপানক অনুসৰণ কৰাৰ পৰিবৰ্তে পাকিস্তান, আফগানিস্তানক অনুসৰণ কৰি ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিব বিচৰা বুলিও শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷

সভাখনত স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদ, জিলা পৰিষদৰ সদস্য নুৰুল ইছলাম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলামৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷

উল্লেখ্য যে, মহাপুৰুষ দুজনা গুৰুৰ কৃপাধন্য, স্নেহধন্য শ্ৰীশ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাই ৫৫৬ বছৰ পূৰ্বে মইনবড়ীত মইনবড়ী সত্ৰখন স্থাপন কৰিছিল ৷ অঞ্চলটোত ব্ৰহ্মপুত্ৰ আৰু বেঁকীৰ গৰাখহনীয়াৰ বাবেই ২০০৫ চনৰ ২৮ অক্টোবৰত মইনবড়ী সত্ৰখন নদীৰ বুকুত চিৰদিনৰ বাবে জাহ যোৱাত এই সত্ৰখন সৰভোগলৈ স্থানান্তৰ কৰা হয় ৷

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd