যতীন গোস্বামীলৈ পদ্মভূষণ, ৰেৱকান্ত মহন্ত আৰু গীতা উপাধ্যায়লৈ পদ্মশ্ৰী : আজি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে পদ্ম বঁটা
আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত পদ্ম বঁটা অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৃত্যচাৰ্য যতীন গোস্বামীক পদ্মভূষণ আৰু ৰেৱকান্ত মহন্ত আৰু গীতা উপাধ্যায়ক পদ্মশ্ৰী প্ৰদান কৰে।
সত্ৰীয়া নৃত্যৰ সংৰক্ষণ, বিকাশ আৰু জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত অপৰিসীম অৱদানৰ বাবে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ লাভ কৰে প্ৰবীণ সত্ৰীয়া প্ৰতিনিধি নিত্যচাৰ্য যতীন গোস্বামীয়ে।
১৯৩৩ চনৰ ২ আগষ্টত জন্মগ্ৰহণ কৰা গোস্বামীয়ে পিতৃৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰে আৰু পিছলৈ মণিৰাম দত্ত মুক্তিৰ আৰু ৰোশ্বেশ্বৰ শইকীয়া বৰবায়নৰ দৰে বিশিষ্ট গুৰুৰ অধীনত শিক্ষা লাভ কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওচৰতো তেওঁ লোকসংগীত, নৃত্য, অংকিয়া নাট আয়ত্ত কৰি প্ৰশিক্ষণ লৈছিল।
শিৱসাগৰৰ খাটপাৰা সত্ৰৰ সত্ৰাধিকাৰ ৰেৱকান্ত মহন্তক মুখা নিৰ্মাণৰ বাবে পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।
১৯৩৫ চনৰ ১৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা মহন্তই পিতৃৰ পৰা মুখা নিৰ্মাণৰ জটিল কলা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই ইয়াক বিশ্বব্যাপী স্বীকৃতিলৈ উন্নীত কৰিছে। তেওঁৰ মুখা সমূহ সমগ্ৰ ভাৰত, ৰাছিয়া, জাপান, অষ্ট্ৰেলিয়া, আৰু আমেৰিকাৰ সংগ্ৰহালয়সমূহত প্ৰদৰ্শিত হৈছে।
বিখ্যাত লেখিকা, অনুবাদক, শিক্ষাবিদ গীতা উপাধ্যায়ক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
১৯৩৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা উপাধ্যায় অসমৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। তিনি দশক ধৰি শিৱসাগৰ মহাবিদ্যালয়ত অধ্যাপিকা আৰু পিছলৈ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সাহিত্য অকাডেমীৰ বঁটা বিজয়ী তেখেতৰ প্ৰশংসিত ৰচনাসমূহৰ ভিতৰত জন্মভূমি মেৰো স্বাধীন আৰু স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ জীৱনী।