NORTHEAST NOW (Assamese)

২৪ ছেপ্টেম্বৰত গুৱাহাটীত বন্ধ থাকিব সুৰাৰ বিক্ৰী; কামৰূপ-মেট্ৰ’ত দেওবাৰ হ’ব ‘ড্ৰাই ডে’

September 22, 2023 11:13 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

গুৱাহাটী চহৰকে ধৰি কামৰূপ-মেট্ৰ’ জিলাত দেওবাৰে (২৪ ছেপ্টেম্বৰ) কোনো ধৰণৰ সুৰা বিক্ৰী বন্ধ কৰা হৈছে। কামৰূপ-মেট্ৰ’ জিলা প্ৰশাসনে এক নিৰ্দেশৰ জৰিয়তে এই কথা ঘোষণা কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে গুৱাহাটীকে ধৰি কামৰূপ-মেট্ৰ’ জিলাত দেওবাৰ (২৪ ছেপ্টেম্বৰ) “ড্ৰাই ডে” হিচাপে পালন কৰা হ’ব।

কামৰূপ-মেট্ৰ’ জিলা আয়ুক্তৰ কাৰ্যালয়ে জনোৱা মতে, অসম আবকাৰী বিধি, ২০১৬ৰ নিয়ম-৩২৬ (খ)ৰ অধীনত ২৪ ছেপ্টেম্বৰক “ড্ৰাই ডে’’ হিচাপে গণ্য কৰা হ’ব।

“সেই অনুসৰি কামৰূপ মহানগৰ জিলাৰ ক্লাব ‘অন’ আৰু কান্ট্ৰী স্পিৰিট দোকানকে ধৰি সকলো পাইকাৰী/বণ্ডেড ৱেৰহাউচ, কম্পোজিট লাইচেন্স/মাইক্ৰ’ব্ৰুৱেৰী ​​লাইচেন্স, আই এম এফ এল/বিয়েৰ ৰিটেইলছ সকলো ‘অফ’ এণ্ড ‘অন’ দোকান বন্ধ থাকিব’’ অৰ্থাৎ” “ড্ৰাই ডে” বুলি নিৰ্দেশত লিখা হৈছে।

ইয়াত লগতে কোৱা হৈছে যে এই আদেশ কোনোৱে উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিয়মৰ প্ৰাসংগিক বিধান অনুসৰি শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব।

Related News