• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২৬ত এ আই ইউ ডি এফৰ ৰ সৈতে কোনো মিত্ৰতা নহয় : দলটোক ‘সাম্প্ৰদায়িক’ আখ্যা দি স্থিতি স্পষ্ট কৰিলে গৌৰৱ গগৈয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2025 12:17 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ নিৰ্বাচনী কুৰুক্ষেত্ৰ এতিয়াৰ পৰাই উত্তপ্ত হৈ পৰিছে। এই নিৰ্বাচনত কোনো কাৰণতে এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছ দলে মিত্ৰতা নকৰে বুলি সোমবাৰে পুনৰবাৰ স্পষ্ট কৰি দিয়ে সাংসদ তথা বিৰোধী দলপতি গৌৰৱ গগৈয়ে।

বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন দলটোক বিজেপিৰ দৰেই এক ‘সাম্প্ৰদায়িক শক্তি’ বুলি অভিহিত কৰি গগৈয়ে কয় যে এটা সাম্প্ৰদায়িকতাক পৰাস্ত কৰিবলৈ আন এটা সাম্প্ৰদায়িক শক্তিৰ সহায় লোৱাৰ প্ৰশ্নই নুঠে।

Apply Now

২০২৬ৰ নিৰ্বাচনত গেৰুৱা বাহিনীক প্ৰত্যাহ্বান জনাবলৈ ইতিমধ্যে আঠটা বিৰোধী দল একত্ৰিত হৈছে। এই তালিকাত কংগ্ৰেছৰ লগতে আছে চিপিআই(এম), ৰাইজৰ দল, অসম জাতীয় পৰিষদ (এজেপি), চিপিআই, চিপিআই(এমএল), জাতীয় দল-অসম আৰু কাৰ্বি আংলঙৰ এপিএইচএলচি। এই দলসমূহৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত গগৈয়ে কয়, “আমি অতি সাৱধানে মিত্ৰতাৰ আলোচনা আগবঢ়াই নিছোঁ। এনে বিষয়বোৰ ৰাজহুৱা স্থানতকৈ কেমেৰাৰ আঁৰত আলোচনা কৰাটোহে বেছি ফলপ্ৰসূ। সময়ত সকলো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।” তেওঁ লগতে দাবী কৰে যে আগন্তুক নিৰ্বাচন শাসকীয় বিজেপিৰ বাবে কোনোমতে সহজ নহ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ বিৰোধী দলপতিগৰাকীয়ে অভিযোগ কৰে যে বিজেপি দলটো এতিয়া কেৱল এজন ব্যক্তি আৰু তেওঁৰ দুই-এজন ঘনিষ্ঠ সহযোগীৰ পকেটত সোমাই পৰিছে। তেওঁ কয়, “বিজেপিৰ মন্ত্ৰী আৰু কেইজনমান বিশেষ মানুহৰহে উন্নয়ন হৈছে, কিন্তু দলটোৰ তৃণমূল কৰ্মীসকলে একো লাভ কৰা নাই। বিজেপি কৰ্মীসকলেও এতিয়া অনুভৱ কৰিছে যে বৰ্তমানৰ নেতৃত্বৰ অধীনত দলটোৰ ভৱিষ্যত সুৰক্ষিত নহয়।”

কংগ্ৰেছক ‘মিঞা সমৰ্থক’ বুলি বিজেপিয়ে কৰি অহা অভিযোগক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু হাস্যকৰ বুলি কয় গৌৰৱ গগৈয়ে। তেওঁ যুক্তি দৰ্শায় যে যোৱা এপ্ৰিল মাহৰ পৰা যিসকল লোকে কংগ্ৰেছত যোগদান কৰিছে, তেওঁলোকৰ পৰিচয় চালেই গম পোৱা যায় যে অসমৰ জলবায়ু আৰু মাটিক ভালপোৱা খাতিখোৱা মানুহহে কংগ্ৰেছৰ কাষ চাপিছে।

উল্লেখ্য যে, ২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা আছিল যদিও ভূপেন কুমাৰ বৰাই প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পাছতেই এই মিত্ৰতা ভংগ হয়। গৌৰৱ গগৈৰ শেহতীয়া এই ঘোষণাৰ পিছত এ আই ইউ ডি এফৰ ৰাজনৈতিক ভৱিষ্যত তথা বিৰোধী ঐক্যৰ নতুন সমীকৰণে বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd