• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ভোজপুৰী গাওঁ আক্ৰমণৰ ঘটনা : এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
October 21, 2019 9:49 pm
Dibrugarh TMPK

দুৰ্বৃত্তই জ্বলাই দিয়া এটা ঘৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দাবী কৰা ধন নিদিয়া বাবেই ভোজপুৰী সম্প্ৰদায়ৰ এখন গোৱালৰ গাৱঁত টি এম পি কে (Takam Mising Porin Kebang) নামৰ মিচিং ছাত্ৰ সংগঠনটোৰ লাইমেকুৰী শাখাৰ এটা দলে আক্ৰমণ চলোৱা ঘটনাটোত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই ডিব্ৰুগড় আৰক্ষীয়ে।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰৱ বৰাই নৰ্থ-ইষ্ট নাওক জনোৱামতে নিচেই কমেও দহজন দুৰ্বৃত্তক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক ধৰিবলৈ চেষ্টা চলাই থকা হৈছে।

Apply Now

“আমি প্ৰায় ১০জন দুৰ্বৃত্তক চিনাক্ত কৰিছো আৰু আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব। দুৰ্বৃত্তকেইজন পলাই ফুৰিছে যদিও ধৰিবলৈ চেষ্টা কৰি থকা হৈছে। পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে। অঞ্চলটোত সশস্ত্ৰ বাহিনী মোতায়েন কৰা হৈছে। টি এম পি কেৰ সদস্য জড়িত হয় নে নহয়, সেইটো অনুসন্ধানৰ পিছতহে ক’ব পৰা যাব”, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰৱ বৰাই কয়।

ডিব্ৰুগড় সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুৰ্বৃত্তৰ আক্ৰমণত নিহত মুৰুলী যাদৱৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে।

ইপিনে আৰক্ষীয়ে সময়ত ব্যৱস্থা লোৱা হ’লে ঘটনাটোৰ পৰা হাত সাৰিব পৰা গ’ল হেঁতেন বুলি অভিযোগ কৰিছে ভুক্তভোগী গাওঁবাসীয়ে। ধন দাবী কৰা ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ভাবুকি দি যোৱাৰ পিছত গাওঁখনৰ কেইবাজন লোক গৈ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগ কৰিছিল আৰু বিপদৰ শংকা প্ৰকাশ কৰিছিল।

“আৰক্ষীয়ে কথাটোক গুৰুত্বসহ নল’লে। যদি তেওঁলোকে গুৰুত্ব দিলে হেঁতেন আৰু আগতীয়া ব্যৱস্থা ল’লে হেঁতেন তেতিয়া হ’লে এই ঘটনাটো প্ৰতিহত কৰিব পৰা গ’ল হেঁতেন। মই উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আৰক্ষী অধীক্ষক গৌতম বৰাক স্মাৰকপত্ৰ দিছিলো।” চাপৰি গাওঁখনৰ এজন বাসিন্দা প্ৰদীপ যাদৱে কয়।

“আমি দুখীয়া কৃষক মানুহ, কেনেকৈ তেওঁলোকক দাবী কৰা ইমান ধন দিব পাৰো?”, নিজৰ অসহায়তা প্ৰকাশ কৰি যাদৱে কয়।

অভিযোগ মতে, টি এম পি কেৰ সদস্যসকলে সংগঠনটোৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস (যোৱা ১৬ অক্টোবৰত আছিল) পাতিবৰ বাবে কেইদিন মান পূৰ্বে গাওঁখনৰ প্ৰত্যেককে ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকাকৈ ধন বৰঙনি হিচাপে দাবী কৰিছিল।

গৰু-ম’হ পুহি গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা বিহাৰী লোকসকলে ইমান টকা দিবলৈ নিজৰ অসমৰ্থতা প্ৰকাশ কৰিছিল।

ধন নাপাই ক্ৰোধান্বিত হোৱা টি এম পি কেৰ সদস্যসকলে তেওঁলোকক বেয়া পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি দি যায় আৰু ১৯ অক্টোবৰৰ আবেলি ২:২০ বজাত লাইমেকুৰী আঞ্চলিক সমিতিৰ সভাপতি যতীন্দ্ৰ পাদুন, সম্পাদক জয়ন্ত টায়ে, হীৰেন দলে আৰু মনেশ্বৰ পেগুৰ নেতৃত্বত প্ৰায় ২০০জনীয়া দল এটাই হাতে হাতে চোকা অস্ত্ৰ লৈ গাওঁখনৰ লোকসকলক আক্ৰমণ চলায়। তেওঁলোকে কেইবাটাও ঘৰ জ্বলাই দিয়ে।

আক্ৰমণত বেয়াকৈ আঘাতপ্ৰাপ্ত ৪জনক অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিয়া হয় আৰু তাৰে মুৰুলী যাদৱৰ চিকিৎসালয়ত মৃত্যু হয়।

আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ আৰু এটুৱা মুণ্ডাৰে গঠিত কংগ্ৰেছৰ এটা প্ৰতিনিধি দল ডিব্ৰুগড়লৈ যায়।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd