• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন’ কা, ন’ টোপ

চৰকাৰী সাহায্য ঘোষণাৰ সময়ক লৈ আঙুলি জুবিন গাৰ্গকে ধৰি অসমৰ প্ৰতিবাদী শিল্পী সমাজৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 19, 2019 9:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন’ কা, ন’ টোপ: জুবিন গাৰ্গৰ লগতে কা-বিৰোধী অসমৰ শিল্পী সমাজে চানমাৰিৰ প্ৰতিবাদথলীৰ পৰা বৃহস্পতিবাৰে এই স্পষ্ট বাৰ্তাই দিছে শেহতীয়াকৈ শিল্পীলৈ সাহায্য ঘোষণা কৰা ৰাজ্য চৰকাৰক।

“চৰকাৰৰ এইটো টোপেই হয়। চাকৰি দিম বুলিও কৈছে ৫০ হাজাৰ মানক। এতিয়া যে এইবিলাক টোপ, ইমান দিনৰ পৰা কি কৰি আছিল?” গাৰ্গৰ প্ৰশ্ন।

Apply Now

চৰকাৰী সাহায্যৰ “সময়”ক লৈ প্ৰশ্ন তুলি গাৰ্গে কয় তেওঁৰ গুৰু ৰমণী ৰয়ৰ নামত যোৱা ২, ৩ বছৰে নিজে লাগিও সাহায্য আদায় কৰিব নোৱাৰিলে।

“মোৰ নিজৰ গুৰু ৰমণী ৰয়ৰ পেন্সনটোৱে আজিলৈকে উলিয়াব নোৱাৰিলো। ২-৩ বছৰ আগলৈকে নিজেই ফাইল জমা দিছিলো কিন্তু আজিলৈকে নোলাল। মোক শিকাই শিকাই তেওঁ মৰি গ’ল,” গাৰ্গে কয়।

“৫০ হাজাৰ কথাটো ডাঙৰ কথা নহয়।”

গাৰ্গৰ দৰেই জে পি দাসকে আদি কৰি আন বহুকেইজন শিল্পীয়েও চৰকাৰী ঘোষণাক কা-বিৰোধী শিল্পী সমাজৰ বাবে “টোপ” বুলি অভিহিত কৰিছে।

মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশত ৰাজ্যৰ সাংস্কৃতিক বিভাগে শেহতীয়াকৈ অসমৰ দুই হাজাৰ শিল্পী-কলা-কুশলীক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

তাৰোপৰি, অসমত ৫০হাজাৰ চৰকাৰী পদত নিযুক্তি মুকলি কৰিবলৈয়ো সোণোৱালে নিৰ্দেশ দিছে।

চৰকাৰী সাহায্যক লৈ অন্যান্য শিল্পীসকলৰ মত তলত দিয়া হ’ল–

বৰষাৰাণী বিষয়া: জাতি নাথাকিলে ক’ৰ পৰা সংস্কৃতি কৰিম? ভাষাই নাথাকিলে ক’ৰ পৰা সংলাপ ক’ম? মোৰ মা হাস্পতালত চিকিৎসাধীন হৈ থাকিলে মোক আমেৰিকালৈ নাচিব লগ ধৰিলে যাম নেকি? শিল্পীয়ে কৰ্ম কৰিব পৰা অৱস্থালৈকে আৰ্থিকভাৱে স্বচ্চল হৈ থাকে। এনে কিছুমান শিল্পী আছে যি এটকা এটকাৰ বাবে কান্দিবলগীয়া হৈছে। কিন্তু এইমুহূৰ্তত কোনেও চৰকাৰৰ পৰা এই টকা নলয়। তেওঁলোকক সুধিলে ক’ব ক্ষমা কৰিব। শিল্পীৰ জাতীয় চেতনা আৰু জাতীয়তাবোধ বিক্ৰী কেতিয়াও নহয়, তাক কেতিয়াও কিনিব নোৱাৰি। আমাৰ যেতিয়া সময় আহিব আমি খুজি ল’ম, কাঢ়ি ল’ম, কিন্তু এতিয়া আমাক এই টকা নালাগে। এই টকা চৰকাৰে আমাক দিয়াৰ সলনি আন্দোলনত চহিদ হোৱা সকলৰ পৰিয়াল আৰু আৰক্ষীৰ গুলিচালনা লাঠিচালনাত আহত হোৱাৰ পৰিয়াললৈ দিয়ক।

গৰিমা শইকীয়া গাৰ্গ: চৰকাৰৰ কোনো নীতি বা প্ৰলোভনেৰে আমাৰ মাজত বিভাজন কৰিব নোৱাৰে বা বিচলিত কৰিব নোৱাৰে। এতিয়া সকলো মাৰবান্ধি থিয় দিছে কা-ৰ বিপক্ষে।

বৰ্ণালী পূজাৰী (অভিনেত্ৰী): শিল্পীৰ আৰ্থিক অনাটন বহু যুগৰ পৰা চলি আহিছে। কিন্তু মোৰ মনলৈ আহিছে মই যেতিয়া ল’ৰাটোক এৰি ক’ৰবাত যাবলগীয়া হয়, মই তাক ঘৰত হুলস্থুল নকৰিবলৈ এটা চকলেট দি আহো। মোৰ নিচিনাই দেখোন চৰকাৰখন। ময়ো চৰকাৰ চলাব পাৰো।

আজি যিটো শিল্পীলৈ আৰ্থিক সাহায্য ঘোষণা কৰিলে, দুবছৰৰ আগতে কিয় নকৰিলে? তেওঁলোকৰ অৱস্থা তেতিয়াও তেনেকুৱাই আছিল। আজিহে শিল্পীসকলৰ অৱস্থা বেছি বেয়া হ’ল নেকি? বহুতেই টোপ শব্দটো কৈছে, হয় এইটো টোপেই। মোৰ বিশ্বাস কোনো শিল্পীয়েই এইটো গ্ৰহণ নকৰে, মোৰ ওচৰলৈ আহিলে মই গ্ৰহণ নকৰোৱেই।

জে.পি দাস : যদি কোনো শিল্পীয়ে এই পইচাটো লয়, তেন্তে গম পাম সেই শিল্পী এন্টি-অসমীয়া। এই টকা লোৱা মানুহকেইটা ধৰা পৰি যাব। এই পইচাটো ল’লেও অথলে যাব। এইটো টোপ দিছে, সৰু ল’ৰাক চকলেট, কেক দি টোপ দিয়াৰ নিচিনা।

মাধুৰিমা চৌধুৰী : দুই এগৰাকীৰ বাহিৰে শিল্পীৰ অৱস্থা ভাল নহয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয়, নিজৰ আৰ্থিক অৱস্থাটোৰ কাৰণে দেশৰ সংকট কেতিয়াও মানিব নোৱাৰো। শিল্পীসকল অসমত অসমীয়া ভাষা সংস্কৃতিক লৈ জীয়াই আছে। কাইলৈ পৰহিলৈ যদি কা খন অসমত প্ৰযোজ্য হয়, তেন্তে আমি কি গাম? আমি অসমীয়া গীত গাব নোৱাৰিম, বিহু নাচিব নোৱাৰিম। তেতিয়া শিল্পী হৈ জীয়াই থাকি জানো লাভ আছে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd