কেব! “বাচিল” মণিপুৰ

MHA lapse time in framing rules over CAA, Parl committee to ask questions

লোক সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

অমিত শ্বাহে সোমবাৰে লোক সভাত উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ আওতাৰ পৰা উত্তৰ-পূবৰ আন এখন ৰাজ্য মণিপুৰো বাদ পৰিছে।

কেবক লৈ তীব্ৰ প্ৰতিবাদ হোৱা মণিপুৰৰ প্ৰতিবাদকাৰীলৈ খবৰটোৱে “ৰক্ষা পৰা”ৰ বাৰ্তা কঢ়িয়াই আনিছে।

সদনত বিধেয়ক উত্থাপন কৰি গৃহ মন্ত্ৰী শ্বাহে ঘোষণা কৰিছে যে মণিপুৰত ইনাৰলাইন পাৰ্মিট প্ৰৱৰ্তন কৰা হ’ব। আৰু ফলত ৰাজ্যখন কেবৰ আওতাৰ বাহিৰত থাকিব।

প্ৰস্তাৱিত নাগৰিকত্ব বিধেয়ক ২০১৯ত ভাৰতৰ ষষ্ঠ অনুসূচীৰ এলেকা আৰু ইনাৰলাইন পাৰ্মিট ব্যৱস্থা থকা ৰাজ্যসমূহক বাহিৰত ৰখা হৈছে।

মণিপুৰৰ শিক্ষা মন্ত্ৰীয়ে কেন্দ্ৰৰ ঘোষণাক আদৰণি জনাইছে।

মণিপুৰ চৰকাৰে ৰাজ্যখনৰ চৰ্কাৰী কাৰ্য্যালয়সমূহত আই এল পি প্ৰাপ্তি উদযাপনৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে।

সদনত বিয়লি ৪.৪৫ বজাৰ পৰা বিধেয়কখনৰ ওপৰত আলোচনা আৰম্ভ হৈছে।

কংগ্ৰেছ সাংসদ মনিষ তিৱাৰীয়ে বিধেয়কখনৰ বিৰোধিতা কৰি বক্তব্য ৰাখিছে। কৈছে ই “অসাংবিধানিক”।