“প্ৰফুল্ল মহন্ত”ৰ আলোচনা হোৱা নাই অগপৰ সাধাৰণ সভাত

No discussion on 'Prafulla Mahanta' in AGP general council

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণৰ ৰাষ্ট্ৰীয় সংকল্পধাৰী বিজেপিৰে মিত্ৰতাৰ বিৰুদ্ধে মুকলি ক্ষোভ প্ৰকাশ কৰি অহা অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে ‘ব্যৱস্থা’ গ্ৰহণৰ দিশে আগবাঢ়িছিল অগপৰ নেতৃত্ব।

আনকি মঙলবাৰে মহন্তই কাৰ্য্যনিৰ্বাহক বৈঠকত কৰা ‘বক্তব্য’ সন্দৰ্ভত বুধবাৰৰ সাধাৰণ পৰিষদৰ সভাত আলোচনা কৰি ‘চূড়ান্ত সিদ্ধান্ত’ গ্ৰহণ কৰা হ’ব বুলি দলটোৰ সাধাৰণ সম্পাদক কমলা কলিতাই মত পোষণ কৰিছিল। লগতে ‘অনুশাসন ভংগ কৰিলে দলে সেয়া বিবেচনা’ কৰিব বুলি মহন্তই মন্তব্য কৰিছিল।

কিন্তু আশ্চৰ্য্যজনকভাৱে, আমবাৰীস্থিত দলটোৰ মুখ্য কাৰ্য্যালয়ত মহন্তৰ প্ৰসংগ উত্থাপনেই নকৰিলে অগপ নেতৃত্বই। তাৰ বিপৰীতে কালিৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভাই লোৱা একেবোৰ প্ৰস্তাৱকেই বুধবাৰৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাত অনুমোদন জনোৱাতে ক্ষান্ত থাকিল অগপ নেতৃত্ব।

কমলা কলিতাই সংবাদ মাধ্যমত কৰা মন্তব্যৰ বিপৰীতে এক ওলোটা মন্তব্যহে কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

কমলা কলিতাৰ মন্তব্যৰ আঁত ধৰি ‘প্ৰফুল্ল মহন্ত সন্দৰ্ভত সভাত কিবা আলোচনা কৰা হ’ল নেকি বা কিবা সিদ্ধান্ত হ’ল নেকি?’ বুলি পৰিষদৰ সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় ‘তেওঁৰ হৈ কিবা সিদ্ধান্ত ল’বলগীয়া কথাই আহিব নোৱাৰে। তেওঁ কালি যি বক্তব্য দিলে, সেয়া সাধাৰণ পৰিষদৰ সভাত উপস্থাপন কৰা নহয়। তেওঁৰ সেয়া বক্তব্যহে আছিল। আজি সাধাৰণ সভাত অন্যান্য বিভিন্ন বিষয়ৰ ওপৰতহে আলোচনা কৰা হ’ল।‘

ইপিনে, ‘অগপৰ সকলো নেতাই এতিয়া ঐক্যবদ্ধ।‘ বুলি মন্তব্য কৰি কলিতাই কয় ‘ঐক্যবদ্ধভাৱে কাম কৰাৰ কাৰণেহে আমি এতিয়া এই প্ৰস্তাৱসমূহ লোৱা হ’ল।‘

‘প্ৰফুল্ল কুমাৰ মহন্ত দলৰ জ্যেষ্ঠ নেতা হিচাপে অথবা প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন মুখ্য মন্ত্ৰী হিচাপে যিখিনি সন্মান দিব লাগে সেই সন্মান দি আহিছো।‘ প্ৰফুল্ল কুমাৰ মহন্তৰ সন্দৰ্ভত এই মন্তব্য কলিতাৰ।

আনহাতে, কিছুমান জিলা পৰ্য্যায়ৰ অগপ সদস্যই দল বিৰোধী কাৰ্য্যত নিৰ্বাচনৰ সময়ত লিপ্ত হৈছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কলিতাই কয় ‘এই সম্পৰ্কে যিসমূহ প্ৰতিবেদন লাভ কৰা হৈছে সেই সমূহৰ ওপৰত পৰীক্ষা কৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’