অসমৰ লগতে সমগ্ৰ দেশতে চৰ্চা লাভ কৰা অসমৰ নগাঁও জিলাৰ মিকিৰ বামুণী পাহাৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা ১৮ টা হাতী খাদ্যৰ বিষক্ৰিয়াত নহয়, উচ্চ প্ৰাৱল্যৰ বিদ্যুতেৰে দগ্ধ হোৱাৰ ফলতহে মৃত্যু হৈছিল। এই কথা নিশ্চিত কৰিছে বিশেষজ্ঞৰ দলে।
দেওবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় পাথ’ল’জি বিভাগে প্ৰকাশ কৰা হিষ্টপাথ’ল’জিকেল প্ৰতিবেদনত কোৱা হৈছে যে শৰীৰত উচ্চ প্ৰাৱল্য বিদ্যুৎসঞ্চাৰ বাবেই ১৮ টাকৈ হাতীৰ মৃত্যু হৈছিল। অৰ্থাৎ বজ্ৰপাতৰ ফলতে মৃত্যু হৈছে হাতীকেইটাৰ।
উল্লেখ্য যে যোৱা ১৩ মে’ তাৰিখে নগাঁও জিলাৰ বহমপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বামুণী পাহাৰত ৰহস্যজনকভাৱে ১৮ টা হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
প্ৰথমাৱস্থাত স্থানীয় লোকে পুৱাভাগত পাহাৰৰ হাতীপতিত হাতীকেইটাৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে আৰু ঘটনাস্থলীত ততাতৈয়াকৈ বনবিভাগৰ লোকৰ সৈতে স্থানীয় লোক আৰু পৰিৱেশ সুৰক্ষামূলক সংস্থাসমূহৰ সদস্যসকলো উপস্থিত হয়।
বনবিভাগে উক্ত হাতীকেইটা বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি সদৰী কৰিলেও বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠন আৰু পৰিৱেশ সুৰক্ষামূলক সংস্থা আৰু ৰাইজে ১৮ টাকৈ হাতী খাদ্য বিষক্ৰিয়াত মৃত্যু হোৱাৰ সন্দেহ কৰি নিৰপেক্ষ আৰু উচিত তদন্তৰ দাবী উত্থাপন কৰিছিল।
কিন্তু বিশেষজ্ঞৰ প্ৰতিবেদনৰ মতে হাতীকেইটাৰ খাদ্যৰ বিষক্ৰিয়াত নহয়, শৰীৰত উচ্চ প্ৰাৱল্যৰ বিদ্যুৎসঞ্চাৰ হোৱাৰ ফলতহে হাতীকেইটাৰ মৃত্যু ঘটিছিল।
প্ৰতিবেদনত কোৱা হৈছে যে হাতীকেইটাৰ শৰীৰ ক্ষতচিহ্নসমূহে উচ্চ প্ৰাৱল্যৰ বিদ্যুতৰ ফলতে দগ্ধ হোৱাৰ ইংগিত পোৱা গৈছে।
বিশেষজ্ঞৰ এই প্ৰতিবেদনৰ পিছতে বামুণী পাহাৰত ১৮ টাকৈ হাতীৰ মৃত্যু হোৱাৰ ৰহস্য আনুষ্ঠানিকভাৱে অন্ত পেলালেও অন্য কিছুমান অনুষংগিক প্ৰশ্ন ৰৈ যোৱা বুলিও ক’ব পাৰি।