DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, April 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃদ্ধি নহয় লকডাউনৰ সময়সীমা; বিকল্প উপায়ৰ চিন্তা কৰিব চৰকাৰে : হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 4, 2020 12:53 pm
WhatsApp-Image-2020-04-04-at-12.03.07-PM-750x375

ফটো: নৰ্থইষ্ট নাও

43.6k
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈকে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই। এই কথা সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

লকডাউনৰ বিকল্প কি হ’ব পাৰে তাৰ বিষয়ে চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলিও সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে জনায়।

যোৰহাট মেডিকেল কলেজ পৰিদৰ্শন কৰা কালত মন্ত্ৰীগৰাকীয়ে কয়, “মই ভাবো লকডাউন বৃদ্ধি নহয়, কিন্তু লকডাউনৰ বিকল্প কি হ’ব সেই বিষয়ে চৰকাৰে চিন্তা চৰ্চা আৰম্ভ কৰিছে।”

তেওঁ লগতে কয়, “প্ৰধান মন্ত্ৰীয়ে কৈছে যে তোমালোকে ৰাইজৰ লগত কথা পাতা। প্ৰত্যেকখন ৰাজ্যকে কৈছে যে আপোনালোকে ডাক্তৰ, বুদ্ধিজীৱী, সমাজকৰ্মী সকলোৰে লগত কথা পাতক।”

ইপিনে লকডাউনৰ বিকল্প কেনে হ’ব পাৰে সেই সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰী হিমন্তই কয়, “বিদ্যালয়, বিশ্ববিদ্যালয়সমূহ লকডাউন শেষ হোৱাৰ পাছতো বন্ধ ৰাখিব পাৰো নেকি? কাৰ্যালয় সমূহত ৫০ শতাংশ উপস্থিতি কৰি ৰাখিব পাৰো নেকি? ধৰি ল’লো এটা নিৰ্দেশ দিয়া হ’ব কৰ’না থকালৈকে বদলি নিযুক্তি বন্ধ হৈ থাকিব।”

এনেধৰণে চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে বহু লোকৰ যাতায়ত গমন বন্ধ কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “চিনেমা হল, বিউটি পাৰ্লাৰ, লাইব্ৰেৰী, সাপ্তাহিক হাট-বজাৰ বন্ধ ৰাখিব। লাগিলে দোকানৰ সময় পুৱা ৫ বজাৰ পৰা ১২ বজালৈকে খোলা থাকক… কিন্তু একেলগে যাতে মানুহ গোট খাই থাকিব নোৱাৰে।”

মন্ত্ৰীগৰাকীয়ে লগতে কয়, “জীৱনটো খোলা যদিও নিজেই নিজৰ প্ৰতিবন্ধকতা ল’ব লাগিব।”

Tags: COVID19

Recent News

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

অল দেট ব্ৰেথছ্

অল দেট ব্ৰেথছ্

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd