NORTHEAST NOW (Assamese)

গণৰাজ্য দিৱসত এইবাৰ উপস্থিত নাথাকিব বিদেশৰ অতিথি কিন্তু কিয়?

January 15, 2021 12:52 pm · এন ই নাও নিউজ

৫৫ বছৰৰ পাছত গণৰাজ্য দিৱস উদযাপন কাৰ্য্যসূচীত কোনোধৰণৰ বাহিৰা দেশৰ অতিথি উপস্থিত নাথাকিব।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ৫৫ বছৰ পাছত দেশে কোনোধৰণৰ অন্য দেশৰ অতিথিয়ে অংশগ্ৰহণ নকৰাকৈ গণৰাজ্য দিৱস উদযাপন কৰিব বুলি উল্লেখ কৰে।

‘‘বিশ্বৰ কোভিড-১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱসত কোনোধৰণৰ অন্য দেশৰ ৰাষ্ট্ৰপ্ৰধান অথবা মুৰব্বী মুখ্য অতিথি উপস্থিত নাথাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,’’ সংবাদ মাধ্যমক সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এইদৰে কয়।

উল্লেখযোগ্য যে, ভাৰতৰ তৰফৰ পৰা এই বৰ্ষৰ গণৰাজ্য দিৱসত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনক আমন্ত্ৰণ জনোৱা হৈছিল।

বৰিছ জনছনে ভাৰতৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত ব্ৰিটেইনত দ্বিতীয় পৰ্যায়ৰ কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱা বাবে প্ৰধান মন্ত্ৰী জনছনে ভাৰত ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰতিবছৰে ভাৰতৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস উদযাপন কাৰ্য্যসূচীত অন্য দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি আহিছে।

চলিত বৰ্ষত ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই বিদেশী অতিথি নোহোৱাকৈ ভাৰতে গণৰাজ্য দিৱস উদযাপন কৰিব।

Related News