NORTHEAST NOW (Assamese)

বন্ধহীন খ্ৰিষ্ট পবিত্ৰ দিন, ছুটী লৈ গুড ফ্ৰাইডে’ পালন অসমৰ বেংককৰ্মীৰ; গেৰুৱাকৰণক দোষ

April 19, 2019 9:51 pm · ৰিনয় বসুমতাৰী
Updated: April 19, 2019 10:05 pm
ক্ৰছবিদ্ধ যীশুৰ প্ৰতীকী ছবি। সৌজন্য-- Max Pixel।

গুড ফ্ৰাইডে’ৰ বন্ধৰ পৰা বঞ্চিত হৈ শুকুৰবাৰে ছুটী লৈ পবিত্ৰ দিনটো উদযাপন কৰিব লগা হোৱাত ক্ষুভিত আৰু অপমানিতবোধ কৰিছে অসমৰ খ্ৰিষ্টান বেংক কৰ্মচাৰীসকলে।

ভাৰতত গেজে’টে’ড বন্ধৰ দিন হোৱাৰ পিছতো পবিত্ৰ দিনটোত বন্ধ বঞ্চিত বহু কৰ্মচাৰী আৰু খ্ৰিষ্টিয়ান সংগঠনে তুলিছে কৰ্মক্ষেত্ৰত গেৰুৱাকৰণৰ অভিযোগ।

“মই বহুত দুখ পাইছো। ২৫ বছৰ মই বেংকত চাকৰি কৰিছো, কিন্তু এনে বৈষম্যৰ বলি প্ৰথমবাৰৰ বাবে হ’ব লগীয়া হৈছে,” কেজুৱেল ছুটী লৈ গুড ফ্ৰাইডে’ উদযাপন কৰা কোকৰাঝাৰৰ বেংক কৰ্মচাৰী জনক বসুমতাৰীৰ মন্তব্য।

“প্ৰতিষ্ঠান আৰু কাৰ্য্যালয়সমূহৰ গেৰুৱাকৰণ”ত ক্ষোভ প্ৰকাশ কৰিছে গোসাইগাঁৱৰ প্ৰাণজিত নাৰ্জাৰিয়ে। তেওঁ বড়ো জাতীয় খ্ৰিষ্টিয়ান কাউন্সিলৰ সম্পাদক।

ক্ষোভ প্ৰকাশ কৰিছে অল বড়ো কেথলিক ৱেলফেয়েৰ এছছিয়ে’চনৰ সভাপতি নগেন নাৰ্জাৰিয়েও। “গুড ফ্ৰাইডে’ৰ বন্ধ বাতিল কৰি অসমৰ বেংক প্ৰতিষ্ঠানসমূহে ইয়াৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ হেৰুৱালে,” নাৰ্জাৰিৰ মত।

ভাৰতীয় ষ্টে’ট বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কোকৰাঝাৰৰ নৰেশ বসুমতাৰীয়ে ঘটনাটোত আশ্চৰ্য্য প্ৰকাশ কৰি কয় যে তেওঁৰ ৩৫ বছৰীয়া চাকৰি জীৱনত কেতিয়াও গুড ফ্ৰাইডে’ত বন্ধ নোপোৱাকৈ থকা নাছিল।

পবিত্ৰ দিনটো উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপাল জগদীশ মুখীৰ পৰা আনুষ্ঠানিক কোনো শুভেচ্ছাবাণী নোপোৱা বুলিও দুখ প্ৰকাশ কৰিছে বহুকেইটা খ্ৰিষ্টিয়ান সংগঠনে।

Related News