NORTHEAST NOW (Assamese)

দুটাতকৈ অধিক সন্তান হ’লে নাপাব চৰকাৰী চাকৰি

October 22, 2019 12:26 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি

সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দুটাতকৈ অধিক সন্তান থকা লোকক চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ দিয়া নহ’ব বুলি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

ক্ষুদ্ৰ পৰিয়ালৰ নীতি অনুসৰি ২০২১ চনৰ ১ জানুৱাৰিৰ পৰা দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃক চৰকাৰী চাকৰিৰ বাবে বিবেচনা কৰা নহ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে সবিশেষ পঢ়ক : কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: বাছ ভাড়া ২৫শতাংশ বৃদ্ধি, খিলঞ্জীয়াক প্ৰদান কৰিব ভূমি

উল্লেখ্য যে ২০১৭ চনৰ ছেপ্তেম্বৰতে অসম বিধানসভাত সর্বসন্মতিৰে গৃহীত হোৱা ‘অসমৰ জনসংখ্যা নীতি আৰু মহিলা সবলীকৰণ নীতি’ৰ জৰিয়তে দুটাতকৈ অধিক সন্তানৰ লোকে চাকিৰত আবেদন কৰিব নোৱাৰিব আৰু চাকৰি কৰি থকা লোক সকলেও এই নীতি মানি চলিব লাগিব বুলি উল্লেখ কৰিছিল।

ইয়াৰ উপৰি কালি অনুষ্ঠিত হোৱা কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সিদ্ধান্ত সমূহৰ ভিতৰত আছে ২৫ শতাংশ বাছ ভাড়া বৃদ্ধিকে ধৰি ভূমিহীন খিলঞ্জীয়াক ৩ বিঘাকৈ কৃষিভূমি তথা ভূমিহীন ব্যক্তিক ঘৰ নিৰ্মাণ কৰিবলৈ আধা বিঘা মাটি দিয়া আদি সিদ্ধান্ত।

Related News