• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ ১৪খন চিকিৎসালয়ত নাই আইচিইউ, শৌচাগাৰ নাই মহল্লা ক্লিনিকত- কেগৰ প্ৰতিবেদনত বিসংগতিমূলক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2025 12:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ওপৰত মহাগাণনিক(চিএজি)ৰ শেহতীয়া প্ৰতিবেদনত যোৱা ছবছৰত হোৱা ভয়াৱহ আৰ্থিক অ–ব্যৱস্থাপনা, গাফিলতি, আৰু সুবিধাৰ অভাৱৰ ওপৰত আলোকপাত কৰা হৈছে। আজি দিল্লী বিধানসভাত উত্থাপন হ’ব বুলি আশা কৰা এই প্ৰতিবেদনত আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা কৰ্মীৰ তীব্ৰ নাটনি, মহল্লা ক্লিনিকৰ আন্তঃগাঁথনিৰ দুৰ্বলতা, জৰুৰীকালীন পুঁজিৰ অব্যৱহাৰ আদিৰ কথা উল্লেখ কৰা হৈছে।

প্ৰতিবেদনত প্ৰকাশ পাইছে যে দিল্লীৰ কেইবাখনো চিকিৎসালয়ত জটিল চিকিৎসা সেৱাৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে। মহানগৰীৰ ২৭খন চিকিৎসালয়ৰ ভিতৰত ১৪খন চিকিৎসালয়ত আই চি ইউৰ সুবিধাৰ অভাৱ, ১৬খন চিকিৎসালয়ত নাই ব্লাড বেংক। ইয়াৰ উপৰিও আঠখন চিকিৎসালয়ত অক্সিজেনৰ যোগান অনুপস্থিত, আৰু ১৫খন চিকিৎসালয়ত মৰ্গৰ সুবিধা নাই। এম্বুলেন্স সেৱা অবিহনে ১২খন চিকিৎসালয় চলি থকাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

Apply Now

বহু মহল্লা ক্লিনিকত শৌচাগাৰ, পাৱাৰ বেকআপ, আৰু চেক-আপ টেবুলৰ দৰে অত্যাৱশ্যকীয় সুবিধাৰ অভাৱ। আয়ুষ ডিচপেনচাৰীতো একেধৰণৰ অভাৱৰ কথা জানিব পৰা গৈছে।

দিল্লী চিকিৎসালয়সমূহত কৰ্মচাৰীৰ নাটনিৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে,য’ত ২১ শতাংশ নাৰ্ছৰ নাটনি, ৩৮ শতাংশ পেৰামেডিকেলৰ ষ্টাফৰ নাটনি, আৰু কিছুমান চিকিৎসালয়ত ৫০-৯৬ শতাংশ চিকিৎসক আৰু নাৰ্ছৰ নাটনি।

ৰাজীৱ গান্ধী আৰু জনকপুৰী ছুপাৰ স্পেচিয়েলিটি হাস্পতালত অপাৰেচন থিয়েটাৰ, আই চি ইউৰ বিচনা, আৰু ব্যক্তিগত কোঠা অব্যৱহৃত হৈ আছে, আনহাতে ট্ৰমা চেণ্টাৰত জৰুৰীকালীন চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ অভাৱ।

Covid-19 ৰেচপন্সৰ বাবে আবণ্টিত ৭৮৭.৯১ কোটি টকাৰ ভিতৰত মাত্ৰ ৫৮২.৮৪ কোটি টকাহে ব্যৱহাৰ কৰা হৈছিল। স্বাস্থ্যসেৱা কৰ্মীৰ বাবে নিৰ্ধাৰিত মুঠ ৩০.৫২ কোটি টকা ব্যয় নোহোৱা হৈ থকাৰ বিপৰীতে অত্যাৱশ্যকীয় ঔষধ আৰু পিপিই কিটৰ বাবে আবণ্টিত ৮৩.১৪ কোটি টকা অব্যৱহৃত হৈ পৰে।

প্ৰতিশ্ৰুতি দিয়া ৩২,০০০ নতুন চিকিৎসালয়ৰ বিচনাৰ ভিতৰত মাত্ৰ ১,৩৫৭খন (৪.২৪ শতাংশ) বিচনাহে সংযোজন কৰা হৈছিল। কিছুমান চিকিৎসালয়ত দখলৰ হাৰ ১০১ শতাংশ-১৮৯ শতাংশ বুলি কোৱা হৈছে, যাৰ বাবে ৰোগীয়ে মজিয়াত শুবলগীয়া হৈছে।

ডাঙৰ চিকিৎসালয়ৰ প্ৰকল্পসমূহে ৩-৬ বছৰৰ পলমৰ সন্মুখীন হৈছিল, খৰচৰ অতিৰিক্ত পৰিমাণ আছিল ৩৮২.৫২ কোটি টকা। ইয়াৰ বাবে ইন্দিৰা গান্ধী হাস্পতাল, বুৰাৰী হাস্পতাল, আৰু এম এ ডেন্টাল পি এইচ-II আদি চিকিৎসালয়ত যথেষ্ট প্ৰভাৱ পৰিছিল।

লোক নায়ক চিকিৎসালয়ৰ ৰোগীয়ে সাধাৰণ অস্ত্ৰোপচাৰৰ বাবে ২-৩ মাহ আৰু পোৰা আৰু প্লাষ্টিক চাৰ্জাৰীৰ বাবে ৬-৮ মাহ অপেক্ষা কৰে। চিএনবিচি হাস্পতালত শিশুৰ অস্ত্ৰোপচাৰৰ বাবে ১২ মাহৰ সময় আছে।

উল্লেখ্য যে, সূত্ৰ অনুসৰি এইখন হ’ব কেগৰ দ্বিতীয়খন প্ৰতিবেদন, যিখন বিধানসভাত দাখিল কৰা হ’ব। ইয়াৰ পূৰ্বে মঙলবাৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দিল্লী আবকাৰী নীতি সন্দৰ্ভত কেগৰ প্ৰতিবেদন দাখিল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd