• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুটা বছৰ অতিক্ৰম! দিব্যাংগৰ ওপৰত জঁপিয়াই পৰা আৰক্ষীৰ বিৰুদ্ধে কোনো ব্যৱস্থাই নল’লে মানৱ অধিকাৰ আয়োগে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 5, 2021 6:07 pm
Dibyanga-Prahar-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮ বৰ্ষৰ ৫ অক্টোবৰ। প্ৰতিবন্ধীসকলৰ বাবে আছিল এটা অভিশপ্ত দিন। উক্ত দিনটোতে দিছপুৰ লাষ্টগেটত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ন্যায্য প্ৰাপ্তিৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিছিল যদিও আৰক্ষীয়ে মানৱ অধিকাৰ ভংগ কৰি বৰ্বৰভাৱে দিব্যাংগসকলক লাঠীচালনা কৰি হাত ভঙাৰ লগতে কেইগৰাকীমান প্ৰতিবাদকাৰীৰ মূৰো ফালে।

আৰক্ষীৰ এই বৰ্বৰতা অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰী আৰু দিছপুৰৰ সোণৰ বিস্কুটৰ কেলেংকাৰিত অভিযুক্ত নিপু কলিতাৰ নিৰ্দেশতে হৈছিল বুলি গুৰুতৰ অভিযোগ তুলিছিলি প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে।

Apply Now

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে উক্ত দিনটোত নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ শাৰীৰিক অত্যাচাৰ চলাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

উক্ত দিনাখনে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সভাপতি প্ৰসন্ন শৰ্মা আৰক্ষীৰ বৰ্বৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত হৈ খোজ কাঢ়িব নোৱাৰি আজিও বিচনাত পৰি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল।

২০১৮ বৰ্ষৰ ৮ অক্টোবৰৰ দিনাখন এই বৰ্বৰ ঘটনাৰ এক উচিত তদন্ত দাবী জনাই ৰাজ্যৰ সেই সময়ৰ মুখ্য সচিব আৰু মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে।

কিন্তু মুখৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিলে যদিও আজি পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বা তদন্তই আৰম্ভ নকৰিলে ৰাজ্য চৰকাৰে।

উক্ত বৰ্ষৰে ১০ অক্টোবৰৰ দিনা ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত ২৪৩৮/১৮ নম্বৰত এক গোচৰ ৰুজু কৰিছিল নৃপেন মালাকাৰে। সেয়াও এক ভেকোভাওনাত পৰিণত হোৱা বুলি উল্লেখ কৰে মালাকাৰে। লগতে এয়া এক বৃহৎ গেম আখ্যা নৃপেন মালাকাৰৰ।

এই সমগ্ৰ ঘটনাক লৈ নেশ্যেনেল হিউমেন ৰাইটছ ডিফেণ্ডাৰ এলাৰ্ট নামৰ এটা সংস্থাই নিজাববীয়াকৈ ২৬৩/৩/৯/২০১৮ নম্বৰত এক গোচৰ ৰুজু কৰিছিল বুলি আমাৰ সাংবাদিকক জানিবলৈ দি মালাকাৰে লগতে কয় ‘সেই গোচৰৰ তদন্ত কৰিবৰ কাৰণে সেই সময়ৰ অপৰাধ শাখাৰ উপ আৰক্ষী আয়ুক্তক ২০১৯ বৰ্ষত দায়িত্ব অৰ্পন কৰিছিল। চন্দ্ৰকান্ত বড়ো নামৰ ডিএছপি এগৰাকীয়ে মোৰ জবানবন্দী লৈছিল যদিও এতিয়ালৈকে তদন্ত প্ৰক্ৰিয়াৰ কোনোধৰণৰ অগ্ৰগতি লাভ নকৰিলে।‘

সেই সময়ৰ অসমৰ প্ৰতিবন্ধী আয়ুক্ত কে জি হিল্লাৰীলৈ ঘটনাটোৰ তদন্ত কৰিবৰ বাবে কেন্দ্ৰীয় প্ৰতিবন্ধী আয়ুক্তই এক পত্ৰ প্ৰেৰণ কৰিছিল যদিও সেই পত্ৰখন তেওঁ গাপ দি ৰখা বুলি নৃপেন মালাকাৰে গুৰুতৰ অভিযোগ তোলে।

ইপিনে, এই ঘটনাৰ তদন্তৰ ক্ষেত্ৰত কোনো সুদত্তৰ নোপোৱাত প্ৰতিবন্ধীসকলৰ ২০২১ৰ বিধানসভা নিৰ্বাচনত কেনেধৰণৰ ভূমিকা হ’ব বুলি সোধাত মালাকাৰে কয় ‘এইবাৰ প্ৰতিবন্ধীয়ে ভোট বৰ্জন নকৰে প্ৰয়োজন সাপেক্ষে Nota ত ভোট দিব। আমাৰ প্ৰায় ৬ লাখ প্ৰতিবন্ধী ভোটাৰ আছে তেওঁলোকৰ পৰিয়াল মিলি ৯ লাখৰ ওচৰা-ওচৰি হ’ব। কিন্তু আমি ৰাজনৈতিক অধিকাৰ যাতে লাভ কৰিব নোৱাৰো সেইবাবেই চৰকাৰে আমাৰ ভোটাৰৰ সংখ্যাটো কমাই দেখুৱাব বিচাৰিছে। আমি সময়ত ঠিক কৰিম কাক বৰ্জন কৰিব লাগিব বা কাক ভোট দিব লাগিব?’

শান্তিপূৰ্ণভাৱে বহি প্ৰতিবাদ কৰা দিব্যাংগসকলৰ ওপৰত মানৱ অধিকাৰ ভংগ কৰি আৰক্ষীয়ে জঁপিয়াই পৰা ঘটনাই ২ বছৰ ৬ মাহ অতিক্ৰম কৰিলে। অৱশ্যে আৰক্ষী দায়ৱদ্ধতা আয়োগে সংবাদ মাধ্যমৰ পৰা লাভ কৰা বাতৰিৰ ভিত্তিত নিজাববীয়াকৈ ৩৫৬/২০১৯ নম্বৰত এক গোচৰ ৰুজু কৰি নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছিল যদিও সেই তদন্তৰো কোনোধৰণৰ সুদত্তৰ লাভ নকৰিলে প্ৰতিবন্ধীসকলে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd