অসমত চিকিৎসকৰ ছুটী নাই, কিন্তু স্বাস্থ্য মন্ত্ৰী ক্ৰিকেট বিশ্বকাপৰ অৱসৰত

ৰাজ্যত জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ৰিকেট বিশ্বকাপ চাবলৈ যোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

No leave for Assam docs, but health minister on CWC vacation

চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা গ্ৰুপ ফটোখন।

জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ ফলত অসমত চিকিৎসক, নাৰ্ছকে ধৰি সকলো চিকিৎসা কৰ্মীৰ ছুটী বাতিল কৰা হৈছে, কিন্তু ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আই চি চি ক্ৰিকেট বিশ্বকাপ, ২০১৯ উপভোগৰ অৱসৰ লৈছে।

চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীয়ে জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে দিয়া গুৰুত্বৰ শলাগ লৈছে যদিও, খবৰ মতে, মঙলবাৰৰ ভাৰত-নিউ জিলেণ্ডৰ মাজৰ খেল উপভোগৰ বাবে মানচেষ্টাৰলৈ যোৱা মন্ত্ৰীজনৰ নিষ্ঠাক লৈ তেওঁলোকৰ একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

আন কেইজনমান ব্যক্তিৰ সৈতে তোলা অসমৰ স্বাস্থ্য মন্ত্ৰীজনৰ এখন ফটো চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা গ্ৰুপ ফটোখনত স্বাস্থ্য মন্ত্ৰীজনৰ সৈতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলি ৰাম ৰংহাং, অসম ক্ৰিকেট সংস্থাৰ সাধাৰণ সম্পাদক দেৱজিত শইকীয়া আৰু অন্যান্যক দেখা গৈছে।

ফটোখনৰ শিৰোনাম দিয়া হৈছে “ভাৰত বনাম নিউ জিলেণ্ডৰ গ্ৰেণ্ড ক্ৰিকেট বিশ্ব কাপ ছেমি ফাইনেলখনৰ পূৰ্বে ইংলেণ্ডৰ মানচেষ্টাৰত হিমন্ত বিশ্ব শৰ্মাক দেখা গৈছে”।

“জাপানী এনকেফেলাইটিছৰ গুৰুত্ব আমি বুজি পাওঁ আৰু সেয়ে, চৰকাৰে ছুটী বাতিলৰ বাবে দিয়া নিৰ্দেশটো চিকিৎসা সমাজৰ প্ৰত্যেকেই শলাগ লৈছে। কিন্তু, ৰাজ্যখন জাপানী এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ ছিন্দ্ৰমত মেৰ খাই থকা (reel)ৰ মাজত কেৱল বিশ্বকাপ ক্ৰিকেট মেচ এখন চোৱাৰ বাবে কৰা মন্ত্ৰীজনৰ বিদেশ ভ্ৰমণে আমাক আন ধৰণে ভাবিবলৈ বাধ্য কৰিছে,” নাম প্ৰকাশ নকৰাৰ চৰ্তত এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয়।

“অসমজুৰি এনকেফেলাইটিছত ৫১টা মৃত্যুৰ ঘটনা আৰু ১৯০টা পজিটিভ কে’ছ ঘটাৰ এক গুৰুতৰ সময়ত ছুটীত যোৱা চিকিৎসকক ঘূৰাই মতা হৈছে কিন্তু আমাৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ৰিকেট বিশ্বকাপত ভাৰত আৰু নিউ জিলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে মানচেষ্টাৰ (ইউ কে)ৰ পথত তেওঁৰ বন্ধুবৰ্গৰ সৈতে ঘূৰি ফুৰিছে,” জনৈক মান্না বৰভূঞাৰ টুইট।

“অসমৰ সন্মানীয় স্বাস্থ্য মন্ত্ৰীয়ে মহামাৰীৰ অজুহাতত স্বাস্থ্য বিভাগৰ অৱস্থান গ্ৰহণ (on station) আৰু ২৪x৭ উপলব্ধতা বিচাৰিছে কিন্তু তেওঁ নিজে ইংলেণ্ডত খেল উপভোগ কৰি আছে। তেওঁৰ বিৰুদ্ধে নাই কোনো এফ আই আৰ,” আন এজনৰ টুইট।

উল্লেখ কৰিব পাৰি যে জাপানী এনকেফোইটিছ আৰু একিউট এনকেফেলাইটিছ ছিন্দ্ৰমে অসমত এক গুৰুতৰ ৰূপ লৈছে।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই শেহতীয়া এক সংবাদমেলত কৈছিল যে জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ বাবে চৰকাৰে ৰাজ্যজুৰি চিকিৎসক, নাৰ্ছকে ধৰি সকলো চিকিৎসা কৰ্মীৰ ছুটী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শৰ্মাই লগতে কৈছিল যে জিলা উপায়ুক্তৰ আগতীয়া অনুমোদন সাপেক্ষেহে কেৱল জৰুৰী কোনো ছুটী প্ৰদান কৰা হ’ব। আৰু কৰ্তব্যকালৰ বাহিৰতো কৰ্তব্যস্থানত অকৰ্তৃত্বশীল অনুপস্থিতিক কৰ্তব্যত অপৰাধমূলক অৱহেলাৰ পৰ্য্যায়ৰ বুলি গুৰুতৰ ৰূপত বিবেচিত হ’ব।