NORTHEAST NOW (Assamese)

নগাঁৱত গৰ্ভৱতী মহিলাৰ মৃত্যু; বিচৰা ধন দিব নোৱাৰাৰ বাবেই চিকিৎসাত গাফিলতিৰ অভিযোগ

August 24, 2018 10:53 pm · মিণ্টু দাস
এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি আজি সন্ধ্যা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য মতে জুৰীয়াৰ আলিটাঙনী গাঁৱৰ ফৰিদা খাতুন (৩৫) নামৰ এগৰাকী গৰ্ভৱতী মহিলক প্ৰসৱ কৰোৱাৰ উদ্দেশ্যৰে কালি বিয়লি প্ৰায় তিনি বজাত চিকিৎসালয়খনত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল।
কিন্তু মন কৰিব লগীয়া কথা যে ভৰ্তি কৰোৱাৰ পিছত মহিলাগৰাকীক প্ৰসৱ কৰাৰ নামত চিকিৎসক-নাৰ্চে ব্যাপক ধন দাবী কৰি অহা বুলি মহিলাগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।
আনহাতে পৰিয়ালৰ লোকে কৰা অভিযোগ মতে তেওঁলোকে বিচৰা ধন আদায় দিবলৈ সক্ষম নোহোৱাত আজি পাঁচ বজালৈকে চিকিৎসক-নাৰ্চে মহিলাগৰাকীক ছিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰোৱা নাছিল।
ফলত দীৰ্ঘ সময় ধৰি প্ৰসৱজনিত বেদনাত ছটফটাই থাকি গৰ্ভৱতী মহিলাগৰাকীৰ অৱশেষত মৃত্যু হয়।
পিছত এই লৈ ভুক্তভোগী পৰিয়ালটোৰ লোকে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি চিকিৎসক-নাৰ্চৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ মতে চিকিৎসক-নাৰ্চৰ চৰম গাফিলতিৰ বাবেই এইদৰে গৰ্ভৱতী মহিলাগৰাকীৰ গৰ্ভস্থ সন্তানসহ মৃত্যু হয়।
আনহাতে ধন দাবী কৰা আৰু মহিলা গৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰা বুলি উত্থাপন হোৱা অভিযোগ অস্বীকাৰ কৰিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই।

Related News