• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কংগ্ৰেছক উপেক্ষা কৰি অসমত কোনেও বিজেপিক ভেটা দিব নোৱাৰিব’; দেৱব্ৰত শইকীয়াৰ দাবী

NE NOW NEWS হিৰণ্য বৰ্মন
গুৱাহাটী , October 3, 2020 7:20 pm

2 min read

derivative16X91576434443106

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ফাইল ফ'টো)

392
VIEWS
Share on FacebookShare on Twitter

২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰক উৎখাট কৰিবলৈ ৰাজ্যৰ সকলো বিজেপি বিৰোধী ৰাজনৈতিক শক্তি তথা দলকে একত্ৰিত হ’বলৈ আহ্বান জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

‘সকলো দল সংগঠনকে কংগ্ৰেছ দলৰ লগত একত্ৰিত হৈ বিজেপি দলৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ পুনৰ আহ্বান জনাইছোঁ। কংগ্ৰেছ দলৰ অবিহনে বিজেপিক প্ৰতিৰোধ কৰাটো অসম্ভৱ।’ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই সাংবাদিকৰ আগত এইদৰে কয়।

অসমত এটা দুটাকৈ বহুকেইটা আঞ্চলিক দল গঠন হ’ল আকৌ দুই একোটা দল নিঃশেষো হ’ল। এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰো প্ৰস্তাৱিত দলটোৱে ও আত্মপ্ৰকাশ কৰিলে। এই সংগঠন সমূহে আঞ্চলিক দল গঠন কৰাৰ মূলতঃ বিজেপি দলৰ অপশাসন আৰু স্বৈৰাচাৰী শাসনৰ বিৰোধিতা বুলি গণ্য কৰা হৈছে আৰু তেওঁলোকে ও জনাইছে। শইকীয়াই লগতে কয়।

যোৱা নিৰ্বাচনসমূহত বিজেপি দলৰ বিৰুদ্ধে নতুনকৈ সংগঠিত দলসমূহৰ এই সকলোবোৰ বিষয়ৰ ভিত্তিতে কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। ৰাজনৈতিকভাৱে ইয়াৰ ফলাফল যিয়ে নহওক, কংগ্ৰেছ দলে বিজেপিৰ অপশাসন আৰু তেওঁলোকৰ অসম বিৰোধী নীতিসমূহৰ লগত কেতিয়াও আপোচ কৰা নাই বুলি বিৰোধী দলপতিগৰাকীয়ে কয়।

‘বিজেপি দলে যোৱা নিৰ্বাচনসমূহত একমাত্ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ভুৱা কেতবোৰ প্ৰতিশ্ৰুতি দি, ভুৱা সপোন দেখুৱাই ভোট সংগ্ৰহ কৰি চৰকাৰ গঠন কৰিছে আৰু চৰকাৰত অহাৰ লগে লগে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত কাৰ্যসমূহ চলাই গৈ আছে। এই সকলোবোৰ কথা এতিয়া অসমীয়া ৰাইজে ভালদৰে বুজি উঠিছে আৰু ৰাইজে এখন অ-বিজেপি চৰকাৰ ৰাজ্যখনত বিচাৰিছে। গতিকে মই সকলো দল সংগঠনকে পুনৰ এক আহ্বান জনাব বিচাৰিছোঁ যে, আমাৰ সকলোৰে উমৈহতীয়া কাৰ্যক্ৰম লৈ অসমৰ বৃহত্তম স্বাৰ্থত একত্ৰিত ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপি দলক প্ৰতিৰোধ কৰিবলৈ আগবাঢ়ি আহিব লাগে।’ বিৰোধী নেতাগৰাকীয়ে কয়।

কিছু দল সংগঠনে কংগ্ৰেছ দলক বিজেপিৰ লগত একে শাৰীতে ৰাখিব খোজা প্ৰৱণতাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে।

বিজেপি আৰু কংগ্ৰেছৰ মতাদৰ্শগত পাৰ্থক্যৰ বাবেই ২০১৮-১৯ চনত বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত অনুমোদন কৰাই লোৱাৰ স্বত্তেও কংগ্ৰেছ দলৰ প্ৰবল প্ৰতিবাদত সেও মানি ৰাজ্যসভাত এই বিধেয়কখন গৃহীত কৰাত ব্যৰ্থ হৈছিল বুলি তেওঁ মন্তব্য কৰে।

কংগ্ৰেছ দলে এই আইনখন যে অসম আৰু অসমীয়াৰ পৰিপন্থী বুলি দাবী কৰি বিৰোধী দলপতি শইকীয়াই পূৰ্বৰ বিভিন্ন ঘটনা আৰু অসমৰ ইতিহাসক সাক্ষী কৰি কংগ্ৰেছ দল সদায়ে অসমৰ ৰাইজৰ পক্ষত আছিল আৰু থাকিব মতপ্ৰকাশ কৰে।

তেওঁ লগতে কংগ্ৰেছ দলক বাদ দি বিজেপি দলক আগন্তুক নিৰ্বাচনত প্ৰতিৰোধ কৰাটো অসম্ভব বুলিও দাবী কৰে।

Recent News

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd