নগাওঁ জিলাৰ পুৰণিগুদামৰ অন্যতম পুৰণি ধৰ্মীয় সংগঠন অঞ্জুমান-ই-ইছলামীয়াই তাবলিঘি জামাতক অঞ্চলটোত অনিৰ্দিষ্টকালৰ বাবে নিষেধ কৰিছে।
“পুৰণিগুদামৰ অঞ্জুমান-ই-ইছলামীয়াৰ অন্তৰ্ভুক্ত কোনো ব্যক্তি তবলিঘি জামাতত আন স্থানলৈ যোৱা অথবা আন কোনো স্থানৰ পৰা তবলিঘি জামাতত পুৰণিগুদামৰ অঞ্জুমান-ই-ইছলামীয়াৰ অন্তৰ্ভুক্ত চাৰিওটাকৈ মছজিদলৈ অহাত অনিৰ্দিষ্ট কালৰ বাবে স্থগিতাদেশ জাৰি কৰিছে,” লকডাউনৰ মাজতে ভিডিঅ’ কনফাৰেন্সযোগে সংগঠনটোৰ কাৰ্য্যনিৰ্বাহকে সিদ্ধান্ত লয়।
আঞ্জুমান-ই-ইছলামীয়াৰ প্ৰায় ১৫জন সদস্যৰ উপস্থিতিত জৰুৰী কায্যনিৰ্বাহক সভাখনত লোৱা সিদ্ধান্তসমূহ বৃহত্তৰ পুৰণিগুদামৰ অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ মাজত প্ৰযোজ্য হোৱাকৈ গ্ৰহণ কৰা হৈছে।
লগতে পবিত্ৰ ৰমজান মাহৰ উপলক্ষে পৰম্পৰা অনুযায়ী চলি অহা ৰমজান মাহৰ নিশা অনুস্থিত হোৱা বিশেষ তাৰাবীৰ সমূহীয়া নামাজো বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবছৰৰ বাবে বাতিল কৰাৰ সিদ্ধান্ত সভাখনত গ্ৰহণ কৰে।
ইফালে সভাখনত চৰকাৰৰ তৰফৰ পৰা নিৰ্দ্ধাৰণ কৰি দিয়া সকলো নীতি-নিয়ম, নিৰ্দেশনা আখৰে-আখৰে মানি চলি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ পুৰণিগুদামৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক বিনম্ৰভাৱে সংগঠনটোৱে অনুৰোধ জনাইছে।
কৰ’নাভাইৰাছৰ দৰে মহামাৰী ৰোধ তথা ৰাইজৰ লগতে দেশৰ সুৰক্ষাৰ স্বাৰ্থত আঞ্জুমান-ই-ইছলামীয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে।