NORTHEAST NOW (Assamese)

COVID-19: লকডাউন বৃদ্ধিৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰৰ; স্পষ্ট কৰিলে কেবিনেট সচিবে

March 30, 2020 12:02 pm · এন ই নাও নিউজ
কেন্দ্ৰীয় সচিব ৰাজীৱ গৌবা। ফাইল ফটো

COVID-19ৰ বাবে চলি থকা লকডাউন ১৪ এপ্ৰিলৰ মাজনিশাৰ পাছত পুনৰ বৃদ্ধি হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে সোমবাৰে কেবিনেট সচিব ৰাজীৱ গৌবাই কয় যে ৰাষ্ট্ৰজোৰা লকডাউন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰৰ কোনো পৰিকল্পনা নাই।

২১ দিনৰ পাছত লকডাউন পুনৰ বৃদ্ধি কৰা হ’ব বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকা বাতৰিত তেওঁ আশ্চৰ্য প্ৰকাশ কৰে।

ইয়াৰ মাজতে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দেওবাৰে সন্ধিয়া ১০০০ অতিক্ৰম কৰিছে।

COVID-19ৰ ফলত দেশত এতিয়ালৈকে ২৯জন লোকৰ মৃত্যু হোৱাৰ খৱৰ পোৱা গৈছে।

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আই চি এম আৰ)য়ে কমেও ৩৪,৯৩১টা কৰ’না ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰিছে।

ইপিনে, কেন্দ্ৰই ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সকলো ৰাজ্যিক তথা জিলা সীমান্ত কাৰ্যকৰীভাৱে বন্ধ কৰি দিয়াৰ বাবে নিৰ্দেশ দিছে।

সোমবাৰে ৰাষ্ট্ৰজোৰা লকডাউনে ষষ্ঠদিনত ভৰি দিলে।

যোৱা ২৪ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল।

দেওবাৰে ৰেডিঅ’ যোগে সম্প্ৰচাৰিত ‘মন কি বাত’ কাৰ্যসূচীত মোদীয়ে ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত হোৱা সমস্যাৰ বাবে সকলোকে ক্ষমা বিচাৰে।

মোদীয়ে অৱশ্যে এই কাৰ্যৰ যুক্তিযুক্ততা দাঙি ধৰি কয় যে এইটো প্ৰয়োজন আছিল কিয়নো দেশখনে এতিয়া জীৱন আৰু মৃত্যুৰ বাবে যুঁজ দিবলগীয়া হৈছে।

Related News