প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত সম্পন্ন হোৱা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ ফলত দেশত কোনোধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই বুলি দিয়া আশ্বাসত বৃহস্পতিবাৰে সন্তুষ্টি প্ৰকাশ কৰে বাংলাদেশৰ প্রধান মন্ত্ৰী শ্বেইখ হাছিনাই।
বাংলাদেশী ৰাষ্ট্ৰদূত ছৈয়দ মুছামিন আলিয়ে অনুষ্ঠিত কৰা এন আৰ চি সম্পৰ্কীয় এক অনুষ্ঠানত অংশগ্ৰহণ কৰি হাছিনাই এন আৰ চি প্ৰক্ৰিয়াত কোনোধৰণৰ অসুবিধা হোৱা নাই বুলি উল্লেখ কৰি এই সম্পৰ্কত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এন আৰ চিৰ বিষয়ত বাৰ্তালাপ কৰিছে বুলিও কয়।
‘‘মই কোনো অসুবিধা দেখা নায়। মই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছো। সকলোবোৰ থিকে আছে,’’ হাছিনাই কয়।
উল্লেখযোগ্য যে, বিশ্ব বাণিজ্য মঞ্চৰ অৰ্থনৈতিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে বৰ্তমান বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা ভাৰতত উপস্থিত আছে আৰু শনিবাৰে তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ কথা।
মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত নিউয়ৰ্কত মোদীয়ে হাছিনাক এন আৰ চিয়ে ভাৰত আৰু বাংলাদেশৰ সুসম্পৰ্ক বিঘ্নিত কৰিব নোৱাৰে বুলি দিয়া আশ্বাসৰ পাছতে হাছিনাই এন আৰ চি সম্পৰ্কত যোগাত্মক মন্তব্য আগবঢ়াইছে।
নিউয়ৰ্কত হাছিনাই মোদীক সাক্ষাৎ কৰা কালত বাংলাদেশৰ বাবে এন আৰ চি এটা স্পৰ্শকাতৰ বিষয় হিচাপে অভিহিত কৰিছিল।
আনহাতে, বিশ্ব বাণিজ্য মঞ্চৰ অর্থনৈতিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি হাছিনাই ২০৩০ চনৰ ভিতৰত বাংলাদেশ বিশ্বৰ ২৬ সংখ্যক বৃহৎ অৰ্থনৈতিক শক্তিত পৰিণত হ’ব বুলি মন্তব্য কৰে।
বাংলাদেশৰ নিজৰ ১৬২ মিলিয়ন জনসাধাৰণৰ উপৰিও দেশখনে প্ৰায় ৩ বিলিয়ন লোকৰ অৰ্থনৈতিক বজাৰৰ সৈতে সংযোগ ৰক্ষা কৰি আহিছে বুলি হাছিনাই কয়।