• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তেজনা বৃদ্ধি পোৱাটো খাটাং! আলোচনা নহয়; ট্ৰাম্পক স্পষ্ট কৰি দিলে কিম জঙে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 5, 2020 10:27 am

2 min read

WhatsApp Image 2020-07-05 at 9.41.52 AM

উত্ৰ কোৰিয়াৰ নেতা কিম জং উন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ফাইল ফটো।

61.6k
VIEWS
Share on FacebookShare on Twitter

পৰমানু নিৰস্ত্ৰীকৰণক লৈ আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজত উত্তেজনা বৃদ্ধি পাব পাৰে।

দুয়োখন দেশৰ মাজত চলি থকা সংঘাতৰ মাজতে উত্তৰ কোৰিয়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকৰ আমেৰিকাৰ সৈতে আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই।

দেশখনে আমেৰিকাই তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্যহে বুজি পায় বুলিও সদৰী কৰে। এয়া কূটনৈতিক দিশত আমেৰিকাৰ বাবে ডাঙৰ আঘাত বুলি ক’ব পাৰি।

আমেৰিকাৰ প্ৰতিনিধিয়ে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰাৰ পাছত শনিবাৰে উত্তৰ কোৰিয়াৰ এগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতাই দেশখনৰ বক্তৱ্য প্ৰকাশ কৰে।

দেশখনৰ উপ বিদেশ মন্ত্ৰী চোই সোন হুইয়ে কয় যে ৱাশ্বিংটন আৰু পোংগয়াংগৰ মাজত কোনো আলোচনা নহয় আৰু উত্তৰ কোৰিয়াৰ নীতিৰ কোনো সলনি নহয়।

উপ বিদেশ মন্ত্ৰী গৰাকীয়ে দিয়া বিবৃতিত কয়, ‘’আমি আমেৰিকাৰ সৈতে সমুখা-সমুখিকৈ বহাৰ কোনো প্ৰয়োজন নাই কিয়নো এই আলোচনা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবে নিজৰ দেশৰ সংকটৰ সময়ত এক ৰাজনৈতিক উদ্দেশ্যৰ বাহিৰে আন একো নহয়।‘’

ইপিনে, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইনে যোৱা বুধবাৰে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উন নৱেম্বৰত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে পুনৰ আলোচনাত মিলিত হোৱা উচিত। ই বন্ধ হৈ থকা পৰমানু আলোচনা পুনৰ আৰম্ভ কৰাত সহায়ক হ’ব।

উল্লেখ্য যে কিম জং উন আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত প্ৰথমবাৰ ২০১৮চনত ছিংগাপুৰত বৈঠক অনুষ্ঠিত হৈছিল। ২০১৯ত তেওঁলোকে ভিয়েটনামত মিলিত হৈছিল।

উক্ত আলোচনাসমূহ ব্যৰ্থ হোৱাৰ কাৰণ আছিল উত্তৰ কোৰিয়াই নিষেধাজ্ঞা উঠাই লোৱাৰ বিনিময়ত পৰমানু অস্ত্ৰ তথা বেলিষ্টিক মিছাইল ধ্বংস কৰিবলৈ অমান্তি হয়।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd