No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট
মহাৰাষ্ট্ৰ বিধানসভাৰ আস্থা ভোটক প্ৰত্যাহ্বান জনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ শিবিৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন খন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে।
ফলত কাইলৈ ৰাজ্য খনৰ বিধানসভাৰ মজিয়াত আস্থাভোট অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিল। উচ্চতম ন্যায়ালয়ৰ শেহতীয়া স্থিতিত স্বাভাৱিকতে শলঠেকত পৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ।ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তেওঁ বৃহস্পতিবাৰে বিধানসভাত আস্থাৰ ভোটৰ জৰিয়তে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। বিধানসভাত আস্থাৰ ভোট বৃহস্পতিবাৰে পুৱা ১১ বজাত আৰম্ভ হ’ব। আস্থাৰ ভোট সন্ধিয়া ৫ বজাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।
অৱশ্যে আদালতে লগতে কয় যে দুয়োটা পক্ষৰ বিধায়কসকলে বিধানসভাত পুনৰ যোগদানৰ তথ্য দাখিল কৰিবলৈ দুদিন সময় পাব আৰু এই সন্দৰ্ভত ৰিট আবেদন দাখিল কৰিব লাগিব। অনাস্থা ভোটৰ চূড়ান্ত ফলাফল ৰিট আৱেদনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হ’ব। এনে বিষয়সমূহৰ শুনানি প্ৰয়োজন হ’লে ১১ জুলাইত গ্ৰহণ কৰা হ’ব।
উল্লেখ্য মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে কাইলৈ ৰাজ্যিক বিধানসভাত শক্তি পৰীক্ষাৰ আহ্বান জনাইছিল।
একনাথ চিন্দেই প্ৰায় ৪০ জন (৫৫ জনৰ ভিতৰত) বিধায়কৰ সমৰ্থন তেওঁৰ লগত থকা বুলি দাবী কৰি আহিছে।
উল্লেখ্য সপ্তাহতকৈ বেছি দিন ধৰি চলি থকা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ অৱসান ঘটাৰ দিশে অগ্ৰসৰ হৈছে। সকলো ঠিকে-ঠাকে থাকিলে কাইলৈ অৰ্থাৎ ৩০ জুনত মহাৰাষ্ট্ৰ বিধানসভাত অনুষ্ঠিত হ’ব আস্থা ভোট। আস্থা ভোটক অসাংবিধানিক আখ্যা দিছিল শিৱসেনাই।
আস্থা ভোটৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত সেয়ে থাকৰে বাহিনীয়ে আবেদন কৰিছিল। উক্ত আবেদনৰ শুনানি ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ পাৰদিৱালাৰ খণ্ডপীঠে গ্ৰহণ কৰিছিল।ইপিনে চুৰাটৰ পৰা পোনে পোনে গুৱাহাটীলৈ আহিছিল শিৱসেনাৰ নেতা একনাথ সিন্দেৰ নেতৃত্বত কমেও ৪৪ জন বিধায়ক। গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত কেইবাদিনো থকাৰ পিছত আজি বিধায়কসকলে গোৱালৈ যাত্ৰা কৰে। গোৱালৈ যোৱাৰ পূৰ্বে তেওঁলোকে কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আশিষ গ্ৰহণ কৰে। গোৱাৰ পৰা কাইলৈ তেওঁলোকে মুম্বাইলৈ আহিব আৰু আস্থাভোটত অংশগ্ৰহণ কৰিব।