NORTHEAST NOW (Assamese)

সংবিধান বিৰোধী : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা নোবেল বিজয়ী অমৰ্ত্য সেনৰ

January 20, 2019 3:15 pm · এন ই নাও নিউজ
নোবেল বিজয়ী অৰ্থনীতিবিদ অৰ্মত্য সেন।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব বিচৰা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনক ভাৰতীয় সংবিধানবিৰোধী বুলি মন্তৱ্য কৰিছে নোবেল বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে। বাংলাদেশৰ সংবাদ মাধ্যমৰ আগত এই মন্তৱ্য আগবঢ়াইছে বিশ্বৰ প্ৰথিতযশা অৰ্থনীতিবিদগৰাকীয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অমৰ্ত্য সেনে ধৰ্মীয় সূত্ৰে নাগৰিকত্ব প্ৰদানৰ বিষয়টো ভাৰতীয় সংবিধানৰ মূল নীতিৰ পৰিপন্থী বুলি অভিহিত কৰে।

ভাৰতীয় সংবিধানে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ অনুমোদন কৰা নাই বুলি মত প্ৰকাশ কৰি সেনে ভাৰত চৰকাৰে গ্ৰহম কৰা পদক্ষেপত আশ্চৰ্য প্ৰকাশ কৰে।

‘’ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰাৰ বাবে মুছলমান আৰু অমুছলমানৰ ভিত্তিত যিদৰে বিভাজন কৰিছে সেয়া দেশখনৰ সংবিধানৰ বিৰোধী,’’-সেনে কয়।

তদুপৰি, চুবুৰীয়া দেশখনৰ সংবাদ মাধ্যমৰ আগত বিশিষ্ট অৰ্থনীতিবিদ অমৰ্ত্য সেনে কয় যে মোৰ মতে ধৰ্মৰ সৈতে নাগৰিকত্বৰ কোনা সম্বন্ধ থাকিব নোৱাৰে।

Related News