নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰা বিজেপি মন্ত্ৰী-বিধায়কক ক’লা পতাকা প্ৰদৰ্শন কৰি অহাৰ মাজতে বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীসকলে এইবাৰ লক্ষ্য কৰি লৈছে বিধেয়কৰ সমৰ্থনকাৰী কংগ্ৰেছীক।
দেওবাৰে শিলচৰত কংগ্ৰেছী সাংসদ সুস্মিতা দেবক বৰাকৰ খিলঞ্জীয়া প্ৰতিবাদকাৰীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰে। তেওঁলোকে আনকি অৰ্দ্ধ উলংগ হৈও প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে শিলচৰৰ মধুৰবন্দত সাংসদগৰাকীৰ সভাস্থলীৰ সন্মুখতে তেওঁৰ পুত্তলিকাও দাহ কৰে।
কংগ্ৰেছী সাংসদগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থন কৰাৰ অভিযোগ তুলি ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে এইদৰে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।
উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ পাছত কংগ্ৰেছী সাংসদ সুস্মিতা দেৱক ক’লা পতাকা প্ৰদৰ্শন কৰা কাৰ্যই স্বাভাৱিকতে বিধেয়কখনৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰবল জনমতকে সূচিত কৰে।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছীসকলে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে শিলচৰৰ কংগ্ৰেছী সাংসদগৰাকীয়ে বিধেয়কখনৰ সমৰ্থনত বিভিন্ন সময়ত মত প্ৰকাশ কৰি আহিছে।
আনহাতে, শিলচৰত সাংসদগৰাকীক ক’লা পতাকা প্ৰদৰ্শন কৰা ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিআৰপিএফ বাহিনী মোতায়েন কৰা হয়।