Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

নোবেল বিজয়ী অৰ্থনীতিবিদ অৰ্মত্য সেন।

Amartya Sen সহনশীলতা নহয়, ভাৰতত দৰাচলতে একতাৰ অভাৱ হৈছে। নোবেল বঁটা বিজয়ী অধ্যাপক অমৰ্ত্য সেনে দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ এইদৰেই অনুভৱ কৰে। উদ্বিগ্ন অধ্যাপকগৰাকীয়ে তেওঁৰ এই শংকা লুকুৱাই ৰখা নাই।

ৰাজনৈতিক নেতৃত্বকে ধৰি প্ৰশাসনৰ বহু শীৰ্ষ বিষয়াক তেওঁৰ কথাবোৰে অস্বস্তিত পেলাব পাৰে। কিন্তু সেইটো জানিও তেওঁ মুখ বন্ধ কৰি ৰখা নাই। অমৰ্ত্য সেনৰ স্পষ্ট বক্তৱ্য, ‘হয়, মই ক’ম যে এতিয়া ভয় খোৱাৰ কাৰণ আছে। দেশৰ সাম্প্ৰতিক পৰিস্থিতি মোৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছে।‘’

লগতে পঢ়ক: Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

বৃহস্পতিবাৰে চল্টলেকৰ প্ৰতীচী ট্ৰাষ্টৰ এটা অনুষ্ঠানত অংশ ল’বলৈ অমৰ্ত্য সেন কলকাতালৈ আহিছিল। তেওঁ তাত অমৰ্ত্য ৰিছাৰ্চ চেন্টাৰ উদ্বোধন কৰে। তাৰ পিছত তেওঁ ‘বেক টু স্কুল’ শীৰ্ষক এক আলোচনাত অংশগ্ৰহণ কৰে। তাত তেওঁৰ সৈতে আছিল অনিতা ৰামপাল, জিন ড্ৰিজ, কে শ্ৰীনাথ ৰেড্ডী আৰু এ কে শিৱকুমাৰ।  এই অনুষ্ঠানতে নোবেল বঁটা বিজয়ী অধ্যাপকগৰাকীক দেশৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰা দেখা গৈছিল।

লগতে পঢ়ক: Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

তেওঁ অনুষ্ঠানটোত দীঘলীয়া ভাষণ ৰাখিছিল। প্ৰথমে তেওঁ এক বৈচিত্ৰ্যময় ভাৰতৰ ঐক্যৰ পৰম্পৰাৰ বিষয়ে কয়। তুলি ধৰে প্ৰাচীন ভাৰতৰ ইতিহাস। সেই ভাৰত আৰ্যভট্টৰ ভাৰত যেতিয়া ভাৰতে বিজ্ঞানৰ চৰ্চাত বিশ্বত এক দৃষ্টান্ত গঢ়ি তুলিছিল। সেই ভাৰতে বৈদিক সংখ্যাতত্ত্বত ইয়াৰ দক্ষতাৰে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছিল।  তেওঁ পিছত অল-বিৰুণিৰ প্ৰসংগ দাঙি ধৰি সেই গৌৰৱময় ভাৰতক বিশ্বই কেনেদৰে চাইছিল সেই দিশতো আলোকপাত কৰে।

ইয়াৰ পিছতে অমৰ্ত্য সেনে আধুনিক ভাৰতৰ প্ৰসংগলৈ আহি তেওঁ ইয়াত অতীতৰ ছাঁও বিচাৰি নোপোৱা বুলি মন্তব্য কৰে।

লগতে পঢ়ক: Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

তেওঁ কয়, “আজি, যদি মোক কোনোবাই প্ৰশ্ন কৰে, আপুনি কিবা কাৰণত শংকিত? মই ক’ম হয়। ভয় খোৱাৰ যথেষ্ট কাৰণ আছে। কাৰণ মই বিচাৰো দেশখন ঐক্যবদ্ধ হওক। এয়া কোনো সহনশীলতাৰ বিষয় নহয়। মই বিচাৰো দেশখন আগৰ দৰেই ঐক্যবদ্ধ হৈ থাকক। সেইকাৰণে আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব। ঐক্যবদ্ধ হ’ব লাগিব। দেশৰ মানুহে এইটো আৰু ভালকৈ বুজিব লাগিব।‘’