NORTHEAST NOW (Assamese)

Malala Marries বিবাহপাশত আৱদ্ধ হ’ল শান্তিৰ ন’বেল প্ৰাপক মালালা ইউছুফজাই, কাৰ সৈতে হ’ল বিয়া?

November 10, 2021 7:50 am · এন ই নাও নিউজ,গুৱাহাটী

মালালা ইউছুফজাই, বিশ্বৰ সাহসী নাৰীসকলৰ ভিতৰৰে এগৰাকী। তালিবানৰ প্ৰাণঘাতী আক্ৰমণৰ পিছতে স্বদেশ পাকিস্তান এৰি ব্ৰিটেইনত বাস কৰি থকা মালালাই অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল ।

শান্তিৰ ন’বেল প্ৰাপক মালালা ইউছুফজায়েব্ৰিটেইনৰ বাৰ্মিংহামত মঙলবাৰে বিবাহপাশত আৱদ্ধ হয়।

ছ’চিয়েল মিডিয়াৰ জৰিয়তে মালালাই তেওঁৰ বিয়াৰ কথা ৰাজহুৱা কৰিছে। ২৪ বছৰীয়া মালালাৰ স্বামীৰ নাম হৈছে আছিৰ।

টুইটাৰত মালালাই লিখিছে—’ আজিৰ দিনটো মোৰ বাবে এক মূল্যৱান দিন।আজি মই আৰু আছিৰে বিবাহপাশত আৱদ্ধ হৈ ইজনে-সিজনক জীৱন সংগী হিচাবে বিচাৰি পালো’। মালালাই টুইটাৰত বিয়াৰ চাৰিখন ফটোও দিছে।

অৱশ্যে মালালাই তেওঁৰ স্বামীক আছিৰ বুলি চিনাকী কৰোৱাই দিয়াৰ বাদে তেওঁৰ বিষয়ে বিশেষ কোনো তথ্য উল্লেখ কৰা নাই।

ইণ্টাৰনেট ব্যৱহাৰকাৰী একাংশই ইণ্টাৰনেট খুচৰি লাভ কৰা তথ্য অনুসৰি মালালাৰ স্বামীৰ সম্পূৰ্ণ নাম হৈছে আছিৰ মালিক। মালিক Pakistan Cricket Boardৰ High-Performance Centreৰ প্ৰৱন্ধক হিচাবে কৰ্মৰত হৈ আছে।

অৱশ্যে এয়া কিমান নিৰ্ভৰযোগ্য তথ্য সেয়া সময়ত পৰিস্কাৰ হ’ব।

উল্লেখ্য মালালাই ব্ৰিটেইনৰ পৰা প্ৰকাশিত বিশ্ববিখ্যাত Vogue আলোচনীত চলিত বছৰৰ জুলাই মাহত প্ৰকাশিত এটা সাক্ষাৎকাৰত পূৰ্বে এইবুলি কৈছিল—’মই বুজি নাপাওঁ মানুহে কিয় বিয়া হ’ব লাগে। যদি আপুনি কোনো লোকক জীৱন সংগী কৰিব লাগে তেন্তে কিয় এসোপা নথি-পত্ৰত স্বাক্ষৰ কৰিব লাগে? আমি কিয় সহজ ভাবে জীৱন সংগী বাচি ল’ব নোৱাৰো?’

মালালাৰ সাক্ষাৎকাৰটো প্ৰকাশৰ পিছতে বহুতে ভাছিল যে মালালা হয়তো বিয়াৰ বিষয়কলৈ বিৰক্ত। কিন্তু কথাবোৰবোৰ যে তেনে নহয় সেয়া প্ৰমাণ কৰি দিলে মালালাই।

উল্লখ্যে সন্ত্ৰাসবাদীৰ সমান্তৰাল শাসন চলি থকা পাকিস্তানত প্ৰায় ৯ বছৰ পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ১৫ বছৰীয়া কিশোৰী মালালা ।

দেশ খনত তালিবানৰ বাধাকো নেওচি মালালাই স্ত্ৰী শিক্ষাৰ হকে দেহে কেহে খাটিছিল।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যোৱাৰ বাবেই ২০১২ চনত মালালাৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছিল প্ৰাণঘাতী আক্ৰমণ।

মালালাৰ চকুৰ কাষৰে গুলি পাৰহৈ গৈ কান্ধত আঘাত কৰিছিল। সেইবাৰলৈ কথমপি প্ৰাণ ৰক্ষা পৰিছিল মালালাৰ।

তেতিয়াৰে পৰাই ব্ৰিটেইনত আশ্ৰয় গ্ৰহণ কৰি আছে মালালাই। ইমানৰ পিছতো

তেহৰিক-ই-তালিবান পাকিস্তানৰ প্ৰাক্তন মুখপাত্ৰ এহচানে টুইটাৰত মালালাক ভাবুকি দি কিছুদিন পূৰ্বে কৈছে যে প্ৰথমবাৰ বাচি গ’লেও দ্বিতীয়বাৰ আৰু ভুল হ’বলৈ দিয়া নহ’ব ।

Related News