চাঞ্চল্য! জিমৰ পৰা উভতাৰ পথতে গাড়ীৰ ভিতৰতে আততায়ীয়ে গুলীয়াই প্ৰাণ ল’লে যুৱকৰ

Noida man shot inside car

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই আজি জোকাৰি গৈছে দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত নয়ডা ছেক্টৰ ১০৪ অঞ্চল। দিন দূপৰতে অচিনাক্ত আততায়ীয়ে পথৰ মাজত গুলীয়াই হত্যা কৰিছে এজন যুৱকক।

অচিনাক্ত তিনিজন বাইক আৰোহী ব্যক্তিয়ে গাড়ীৰ ভিতৰত বহি থকা অৱস্থাতে যুৱকজনৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি হত্যাকাণ্ড সংঘটিত কৰে। ঘটনাৰ সময়ত জিমৰ পৰা উভতি আহিছিল ভুক্তভূগী যুৱকজন।

নিহত যুৱকজনক সুৰজ ভান বুলি চিনাক্ত কৰা হৈছে। ইফালে ভানৰ ওপৰত এই অতৰ্কিত আক্ৰমণ সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত ব্যক্তি তিনিজন। দুৰ্বৃত্তৰ দলটোৱে ভানৰ ওপৰত পাঁচ জাই গুলী নিক্ষেপ কৰে।

ইফালে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু আক্ৰনণৰ বলি হোৱা সুৰজ ভানক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সুৰজ ভানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু এক হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ চাৰিটা ভিন্ন দলে তদন্ত চলাই আছে বুলি সদৰী কৰিছে।
তদন্তৰ অংশ হিচাপে অঞ্চলটোৰ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে সম্প্ৰতি এক চেঁপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।