NORTHEAST NOW (Assamese)

Noida Twin Towers কাউণ্ট ডাউন আৰম্ভঃ আজি ধূলিৰ সৈতে মিলি যাব নয়দাৰ আকাশচুম্বী টুইন টাৱাৰ

August 28, 2022 10:27 am · এন ই নাও নিউজ,গুৱাহাটী

কাউণ্ট ডাউন আৰম্ভ৷ আজি নয়দাত ধূলিৰ সৈতে মিলি যাব প্ৰযুক্তিৰ গৌৰৱ৷ চৰকাৰী নীতি- নিৰ্দেশনা উলংঘা কৰি নয়দাৰ চেক্টৰ-৯৩ ত নিৰ্মাণ কৰা দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ আজি ধ্বংস কৰি পেলোৱা হ’ব। জানিব পৰা মতে আজি দুপৰীয়া প্ৰায় ২ বাজি ৩০ মিনিটত ধ্বংস কৰা হ’ব নয়দাৰ উক্ত টুইন টাৱাৰ৷ টুইন টাৱাৰ ধ্বংস কৰাৰ সময়ত যাতে কাষৰীয়া কোনো লোকৰ কোনো বানি-বিঘিনি নঘটে তাৰ বাবে টুইন টাৱাৰৰ ওচৰত বাস কৰা ৫,০০০ৰো অধিক লোকক তেওঁলোকৰ গৃহ ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছিল৷ সেইমৰ্মে আজি পুৱা ৭ বাজি ৩০ মিনিটৰ ভিতৰত লোকসকলে আন স্থানলৈ আঁতৰি গৈছে।

টুইন টাৱাৰ দ্বংস কৰিবলৈ সেই স্থানত ৯৬৪০ টা গাঁত খান্দি সেই গাঁতত ৩৭০০ কিলোগ্ৰাম বাৰুদ পূৰোৱা হৈছে৷ ৩৭০০ কিলোগ্ৰাম বাৰুদে ৯ ছেকেণ্ডৰ ভিতৰতে নয়দাৰ টুইন টাৱাৰ মাটিৰ সৈতে মিলাই দিব বুলি এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰিছে। টুইন টাৱাৰ ধ্বংস কৰাৰ বাবে আজি নয়দা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেত যান-বাহন চলাচল বিয়লি ২.১৫ বজাৰ পৰা আবেলি ২.৪৫ বজালৈ বন্ধ থাকিব বুলি চৰকাৰী ভাবে কোৱা হৈছে। উল্লেখ্য চুপাৰটেক এমাৰ্ল্ড হাউচিং চ’চাইটিৰ টুইন টাৱাৰক্ৰমে এপেক্স আৰু চিয়ানৰ উচ্চতা প্ৰায় ১০১-৯৪ মিটাৰ ।চৰকাৰী নীতি উলংঘা কৰি নিৰ্মাণ কৰা টুইন টাৱাৰ ২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে ধ্বংস কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে প্ৰথমাৱস্থাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ স্থগিত ৰাখিছিল যদিও পাছত টুইন টাৱাৰ ধ্বংসৰ অনুমতি দিয়ে৷

নিৰ্মাণ সংস্থা ছুপাৰটেকে ২০০৯ চনত নিৰ্মাণ আৰম্ভ কৰা টুইন টাৱাৰত মুঠ ৯৫০তকৈও অধিক ফ্লেট নিৰ্মাণ আছিল। অৰ্ধনিৰ্মিত টুইন টাৱাৰৰ ফ্লেটসমূহ ক্ৰয় কৰি বহুতে প্ৰতাৰিচত হোৱা বুলিও অভিযোগ কৰিছিল ৷প্ৰতাৰণাৰ বিষয়টো ২০১২ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল৷

জানিব পৰা মতে ৬৩৩ জন লোকে টুইন টাৱাৰত ফ্লেট বুক কৰিছিল। ইয়াৰ ভিতৰত ২৪৮ জন লোকে ধন ঘূৰাই পাইছে আৰু প্ৰায় ১৩৩ জনক সংস্থাটোৱে বেলেগ ঠাইত ঘৰ দিছে৷ ২৫২ জনে আজিও ফ্লেট বুকিঙৰ ধন ঘূৰাই পোৱা নাই৷ টুইন টাৱাৰৰ সংলগ্ন ঠাইৰ পৰিমাণ নিয়ম অনুসৰি প্ৰায় ২০ মিটাৰ হ’ব লাগিছিল সেয়া ৯ মিটাৰতকৈ কম হোৱাৰ অভিযোগ উঠিছিল।

উদয়ভান তেওটিয়া নামৰ লোকজনে এই বিষয়ত আদালতৰ কাষ চপাত টুইন টাৱাৰ নিৰ্মাণত আন বহু কেইটা বিসংগতি ধৰা পৰে৷ ফলত আদালতে টুইন টাৱাৰ ধ্বংসৰ নিৰ্দেশ দিছিল৷

Related News