• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ২৫ খন জিলাত আজি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্তি পৰীক্ষা, আজিও বন্ধ কৰা হ’ল ইণ্টাৰনেট সেৱা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 28, 2022 9:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত আজি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজৰে সম্পন্ন হোৱাৰ পিছত আজি পুনৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সেইমৰ্মে পৰীক্ষা ৰাজ্যৰ ২৫ খন জিলাত অনুষ্ঠিত কৰা হ’ব৷ ২১ আগষ্টত অনুষ্ঠিত পৰীক্ষাৰ সময়ত বহু ঠাইত বেমেজালিৰ সৃষ্টি হৈছিল৷ প্ৰৱেশ পত্ৰত থকা বিসংগতিৰ বাবে বহু কেন্দ্ৰত কিছু বেমেজালিৰ সৃষ্টি হোৱা দেখা যায়৷ বিশেষকৈ কোকৰাঝাৰৰ পৰীক্ষা কেন্দ্ৰত তেনে বেমেজালি দেখা গৈছিল৷

কোকৰাঝাৰ জিলাত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অহা প্ৰায় শতাধিক পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত পৰীক্ষা কেন্দ্ৰৰ ভুল ঠিকনা দিয়াত বিমোৰত পৰিবলগীয়া হৈছিল৷ গোসাইগাঁও মহকুমাৰ জাৰাগুৰীত পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এডমিট কাৰ্ডত ভুলকৈ ডাকঘৰ ছালাকাটি বুলি উল্লেখ কৰাত অসুবিধাৰ সৃষ্টি হৈছিল৷

Apply Now

ৰাজ্য চৰকাৰে আজিও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ বাবে ৰাজ্যৰ ২৫ খন জিলাত বন্ধ কৰি দিয়ে ইণ্টাৰ নেট সেৱা৷

২১ আগষ্টৰ পুৱা দুঘন্টা আৰু আবেলি দুঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰা কৰাৰ কথা আছিল যদিও তাতোকৈও অধিক সময়ৰ বাবে মোবাইল ইন্টাৰনেট সেৱা বন্ধ হৈ থকাত অনলাইন ব্যৱসায়ত মাধমাৰ পৰিছিল৷ আজিও হয়তো তাৰ ব্যতিক্ৰম নঘটিব৷

পৰীক্ষাৰ দিনকেইটাত পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা বিয়লি ৪ বজালৈ ইন্টাৰনেট সেৱা বন্ধ থাকিব বুলি চৰকাৰে পূৰ্বে ঘোষণা কৰিছিল৷

অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিভিন্ন বিভাগৰ নিযুক্তিৰ বাবে ইতিমধ্যে অনুষ্ঠিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকে ধৰি অন্যান্য গাফিলতি ধৰা পৰাৰ পাছত এইবাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় ৩০ হাজাৰ পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ বাবে পানী নসৰকা ব্যৱস্থা অৱলম্বন কৰে ৰাজ্য চৰকাৰে৷

২১, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হোৱা আৰু হ’বলগীয়া কেন্দ্ৰসমূহত ম’বাইল, ইণ্টাৰনেট সেৱা কিছু ঘণ্টাৰ কাৰণে ব্যাহত কৰি ৰখাৰ দিহা কৰা হৈছে ৷ দিছপুৰত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ পাছত পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জিলাৰ উপায়ুক্ত আৰু অন্যান্য অংশীদাৰীসকলৰ সৈতে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে এক বৈঠকত মিলিত হৈছিল আৰু এই নিৰ্দেশ দিছিল৷

প্ৰতিখন জিলাত এজন ন’ডেল বিষয়া নিযুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে । লগতে সকলো ব্যৱস্থা সঠিকভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত ৰাজপত্ৰিত বিষয়াসকলক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এজন উপ-পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়া নিয়োজিত কৰাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে প্ৰাৰ্থীসকলৰ লগতে ইনভিজিলেটৰসকলক পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন বা আন যিকোনো ইলেক্ট্ৰনিক গেজেট কঢ়িওৱাৰ ক্ষেত্ৰত বাধা নিষেধ ‍আৰোপ কৰা হৈছে ।

প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই পৰীক্ষা প্ৰক্ৰিয়াৰ ভিডিঅ’গ্ৰাফী কৰিবলৈ দুজন ভিডিঅ’গ্ৰাফাৰ নিয়োজিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । পৰীক্ষাত কিবা খেলিমেলি হ’লে সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তগৰাকী দায়বদ্ধ হ’ব বুলি কোৱা হৈছে ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd