DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দলীয় টিকটৰ পৰা বঞ্চিত দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ মনোনয়নপত্ৰ দাখিল

নীলমণি শৰ্মা by নীলমণি শৰ্মা
March 19, 2021 8:07 pm
457
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত  কোন প্ৰাৰ্থীয়ে কিমান সমৰ্থকক লৈ মনোনয়ন দিবলৈ গৈ শক্তি প্ৰদৰ্শন কৰিব পাৰে তাৰেই প্ৰতিযোগিতা চলিছে ৩৬ নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিত!

“খেলা হবে” শ্লোগান, দলীয় পতাকা, শোভাযাত্ৰা আৰু ডি.জে.ৰ বিকট শব্দত নিৰ্বাচনী গানে উত্তাল কৰিছে দুধনৈৰ পৰিবেশ৷

এইবাৰ সমষ্টিটোত মুলত যুঁজ হব বিজেপি মিত্ৰজোঁট ৰাভা হাছং যৌথমঞ্চৰ মনোনীত প্ৰাৰ্থী আৰছুৰ সদ্য প্ৰাক্তন সম্পাদক বিজেপি প্ৰাৰ্থী শ্যামজিৎ ৰাভা, কংগ্ৰেছৰ যুৱ নেতা যাদৱ স্বৰ্গীয়াৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাবে অবতীৰ্ণ হোৱা বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ মাজত৷

যোৱা ১৮ মাৰ্চত বিজেপি প্ৰাৰ্থী শ্যামজিৎ ৰাভাই তিনি সহস্ৰাধিক সমৰ্থকক লগতলৈ গোৱালপাৰা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰি শক্তি প্ৰদৰ্শন কৰাৰ পিচত আজি কংগ্ৰেছ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰী আৰু বিধায়ক দীপক কুমাৰ ৰাভাই সমসংখ্যক সমৰ্থকক লগত লৈ গোৱালপাৰাত মনোনয়ন দাখিল কৰি নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷

আজি ৰাতিপুৱা কংগ্ৰেছ প্ৰাৰ্থী যাদব স্বৰ্গীয়াৰীয়ে কলেজ ৰোডত থকা গোৱালপাৰা জিলা আবছুৰ কাৰ্যালয়ত নিৰ্বাচনত সফলতা কামনা কৰি যাদৱ স্বৰ্গীয়াৰীয়ে বড়ো সকলৰ আৰাধ্য দেৱতা বাথৌ দেৱতাক পূজা- অৰ্চনা আগবঢ়াই দুধনৈ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত গৈ উপস্থিত হয় আৰু তাৰ পৰাই সমৰ্থক সহ বিজেপি বিৰোধী ধ্বনি দি সহস্ৰাধিক সমৰ্থকৰ সৈতে গোৱালপাৰালৈ ৰাওঁনা হয়৷

যাদৱ স্বৰ্গীয়াৰীয়ে মনোনয়ন দাখিলৰ আগমূহুৰ্তত কয় যে, এইবাৰ নিৰ্বাচনত বিজেপিক ৰাইজে প্ৰত্যাখ্যান কৰি কংগ্ৰেছক জয়ী কৰিব৷

আনহাতে এই সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীত্ব প্ৰত্যাশী কেইগৰাকীৰ মাজত টিকট কেন্দ্ৰীক কোনো বিসম্বাদ নাই আৰু সকলোৱে একেলগে দলীয় স্বাৰ্থত কংগ্ৰেছৰ হৈ কাম কৰি যাব বুলি কয়৷

ইপিনে দলীয় টিকটৰ পৰা বঞ্চিত দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভাই সহস্ৰাধিক সমৰ্থকক লৈ মনোনয়ন দাখিল কৰে৷

মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক মুহুৰ্তত দীপক কুমাৰ ৰাভাই বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে৷

বিধায়ক দীপক কুমাৰ ৰাভাই কংগ্ৰেছ বা বিজেপি প্ৰাৰ্থী শ্যামজিৎ ৰাভাই তেওঁৰ জয়লাভত কোনোধৰণৰ হেঙাৰ সৃষ্টি কৰিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

তেওঁৰ জনপ্ৰিয়তাত শংকিত হৈয়ে শ্যামজিৎ ৰাভাৰ একাংশ সমৰ্থকে দীপক কুমাৰ ৰাভাৰ সমৰ্থনত মনোনয়ন দাখিলৰ বাবে অহা বাহন আৰু সমৰ্থকক বাধা প্ৰদান কৰে বুলি অভিযোগ কৰে৷

অবশ্যে শ্যামজিৎ ৰাভাই এই অভিযোগ খণ্ডন কৰি কয় যে এই অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন৷

তেওঁক হেয় প্ৰতিপন্ন কৰাৰ বাবেই এই মিছা অভিযোগ দিয়া হৈছে বুলিও শ্যামজিৎ ৰাভাই কয়৷

মুঠতে দুধনৈ সমষ্টিত এইবাৰ তিনিকোণীয়া প্ৰতিদণ্ডিতা হোৱাটো নিশ্চিত৷

২ মে’ৰ ফলাফলেহে নিশ্চিত কৰিব ৰাইজ কাৰ পক্ষত৷

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd