NORTHEAST NOW (Assamese)

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন; মাৰ্ঘেৰিটাত বিজেপি,কংগ্রেছ, নিৰ্দলীয় প্রাৰ্থীৰ মনোনয়ন দাখিল

October 19, 2022 7:55 pm · মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

আগন্তুক দেউৰী স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ বাবে ৩নং মাৰ্ঘেৰিটা দেউৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিত মুঠ চাৰি গৰাকী প্রাৰ্থীয়ে আজি মনোনয়ন পত্র দাখিল কৰে।

কংগ্রেছ দলৰ খৰ্গেশ্বৰ দেউৰী, ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী যোগেন দেউৰী, নিৰ্দলীয় প্রাৰ্থী বিমল দেউৰী আৰু হেৰম্ব দেউৰীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰে।

লগতে পঢ়ক: উৎকোচ লোৱাৰ অভিযোগত ডিব্ৰুগড়ত হাতেলোটে গ্ৰেপ্তাৰ পৰিবহন কাৰ্যালয়ৰ কৰ্মচাৰী

 মনোনয়ন পত্ৰ দাখিলৰ এই অনুষ্ঠানত দেউৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী যোগেন দেউৰীক সংগ দিয়ে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই।

মনোনয়ন পত্ৰ দাখিল উপলক্ষে মাৰ্ঘেৰিটা চেগুনাবাৰী তিনিআলিৰ পৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে বিজেপিয়ে।

আনহাতে, কংগ্রেছ দলৰ প্রাৰ্থী খৰ্গেশ্বৰ দেউৰীয়ে তাৰ পাছতে দলীয় কৰ্মী, সমৰ্থকসহ গৈ মনোনয়ন পত্র দাখিল কৰে। 

২০ অক্টোবৰত মনোনয়ন পত্র পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্র প্রত্যাহাৰৰ সময় ২৫ অক্টোবৰত বিয়লি তিনি বজাৰ ভিতৰত সামৰণি পাৰিব।

লগতে পঢ়ক: অসমৰ কি আহে যায়! কেন্দ্ৰৰ হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে তামিলনাডু বিধানসভাত প্ৰস্তাৱ; বিজেপিৰ ৱাক আউট

এইবাৰ ১৫৩৬ জন ভোটাৰে ৩নং মাৰ্ঘেৰিটা দেউৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত প্রাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

Related News