• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ কি আহে যায়! কেন্দ্ৰৰ হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে তামিলনাডু বিধানসভাত প্ৰস্তাৱ; বিজেপিৰ ৱাক আউট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2022 4:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দী বনাম আঞ্চলিক ভাষাৰ বিতৰ্ক নতুন কথা নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিয়ে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীক চৰকাৰী ভাষা কৰাৰ পৰামৰ্শ দিছে। তাৰমাজতে তামিলনাডু চৰকাৰে মঙলবাৰে তামিলনাডু বিধানসভাত কেন্দ্ৰৰ বিৰুদ্ধে “হিন্দী আগ্ৰাসনৰ” অভিযোগ আনি এক প্ৰস্তাৱ উত্থাপন কৰে। বিজেপি বিধায়কসকলে তেতিয়া সদনৰ পৰা ওলাই যায়।

অমিত শ্বাহে কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত সমিতিৰ প্ৰতিবেদন দাখিল কৰিছিল। সমিতিৰ প্ৰতিবেদনত স্পষ্ট প্ৰস্তাৱ দিয়া হৈছে যে ৰাষ্ট্ৰসংঘত ভাৰতৰ চৰকাৰী ভাষা হ’ব লাগে হিন্দী। আকৌ চৰকাৰী শিক্ষানুষ্ঠান অৰ্থাৎ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আইআইটি আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈকে শিক্ষাদানৰ ভাষাও হিন্দী হ’ব লাগে।

তদুপৰি, হিন্দীভাষী ৰাজ্যসমূহত হিন্দীক উচ্চ ন্যায়ালয়ৰ কামৰ ভাষা কৰিব লাগে। লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাত বাধ্যতামূলক ইংৰাজীৰ ঠাইত এইবাৰ হিন্দীক ৰাখিব লাগিব। কেন্দ্ৰীয় সমিতিয়ে এনে ধৰণৰ বহুতো প্ৰস্তাৱ দিছে। তেতিয়াৰ পৰা, হিন্দী আগ্ৰাসনৰ অভিযোগ বাঢ়ি আহিছে।

Apply Now

এনে পৰিস্থিতিত, মঙলবাৰে তামিলনাডু বিধানসভাত এটা প্ৰস্তাৱ উত্থাপন কৰা হয়। তাত কোৱা হৈছে যে সদনে সংসদীয় সমিতিৰ প্ৰস্তাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে। লগতে কোৱা হৈছে যে সংসদীয় সমিতিৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰই তেনে কোনো পদক্ষেপ লোৱা উচিত নহয়। কাৰণ ই ৰাজ্যৰ ভাষাসমূহৰ বিৰোধী। লগতে যিসকলে সেই ভাষা কয় তেওঁলোকৰো বিৰোধী।

সাম্প্ৰতিক সময়ত, কেন্দ্ৰৰ বিৰুদ্ধে বাৰে বাৰে হিন্দী আগ্ৰাসনৰ অভিযোগ উত্থাপিত হৈছে। অমিত শ্বাহে চৰকাৰী কাম আৰু যোগাযোগৰ মাধ্যম হিচাপে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ দিয়াৰ পিছত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল। বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহক তীব্ৰ নিন্দা কৰা দেখা গৈছিল।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনক প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থকা মঞ্চত কোৱা শুনা গৈছিল, “তামিলকো হিন্দীৰ দৰে কামৰ ভাষা হিচাপে ঘোষণা কৰা উচিত। আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়েও ইয়াক চৰকাৰী ভাষা হিচাপে গঢ়ি তুলিব লাগে।”

ইপিনে, অসমত চৰকাৰী পক্ষই হিন্দীৰ সপক্ষে মত প্ৰকাশ কৰা দেখা যায়। স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হিন্দীৰ সপক্ষে মন্তব্য কৰিবলৈ গৈ কৈছে যে হিন্দী নাজানিলে ৰাজ্যৰ যুৱক-যুৱতীসকলে চাকৰি-বাকৰি আদিত সুযোগ নাপাব। অমিত শ্বাহৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ সাহস নোপজা চৰকাৰখনে কেবল কেন্দ্ৰৰ সকলো কথাতে হয় হুজুৰ কৰাৰ বিপৰীতে ৰাজ্যৰ স্বাৰ্থত কিবা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰিবনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd