• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দন্ত চিকিৎসকক সাঙুৰি বিতৰ্কিত মন্তব্য কৰা আঙুৰলতা ডেকাক উভতি ধৰিলে দলৰে বিধায়ক নোমল মমিনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 18, 2021 7:44 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৫ ছেপ্তেম্বৰৰ দিনা বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই সাংবাদিকে NCRB ৰ তথ্য সন্দৰ্ভত মহিলাৰ ওপৰত হোৱা দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰত অসমৰ তৃতীয় স্থানক লৈ প্ৰশ্ন কৰাত কথাৰ প্ৰসংগত দন্ত চিকিৎসকে যৌন অতিশায্য চলোৱা বুলি উল্লেখ কৰিছিল।

তেওঁ কৈছিল ‘১৩-১৪ বছৰীয়া কিশোৰী এগৰাকীয়ে যেতিয়া দাঁতৰ চিকিৎসকৰ ওচৰলৈ যায় তেতিয়া চিকিৎসকজনে তেওঁৰ কিলাকুটি বুকুত থৈ চিকিৎসা কৰে। সেই কিশোৰীগৰাকীয়ে সেই সময়ত ভয়-সংকোচ কৰে বা মাক-দেউতাকক ক’বলৈ সংকোচ কৰে। এই সংকোচবোৰ ভাঙিব লাগিব।‘

Apply Now

ইয়াৰ পাছতে বিষয়টোক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

আনকি বিষয়টোক লৈ বিজেপিৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনেও টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

তেওঁ লিখি কৈছিল ‘এইটো অতি দুৰ্ভাগ্যজনক কথা যে অসমৰ এগৰাকী নেত্ৰীয়ে দন্ত চিকিৎসকে কিশোৰীক যৌন অতিশয্য চলোৱা বুলি অপবাদ দিছিল। যদি তেওঁৰ তেনে কিবা তথ্য আছে তেন্তে সেই তথ্য ৰাইজৰ সন্মুখত বা আদালতত প্ৰকাশ কৰক। তেনে চিকিৎসকক মই ১০০ শতাংশ শাস্তি দিয়াত সহায় কৰিম।‘

অন্যথা এগৰাকী চিকিৎসকৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে আঙুৰতা ডেকাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তোলে মমিনে।

অৱশ্যে, কিছুসময় পাছতে তেওঁ টুইটাৰৰ পৰা পোষ্টটো আঁতৰাই পেলায়। এই সন্দৰ্ভত আমাৰ সাংবাদিকে ডা০ নোমল মমিনৰ সৈতে কথা পাতিবলৈ বিচৰাত তেওঁ ব্যস্ত থকা বুলি উল্লেখ কৰে।

ইপিনে, সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে এই সন্দৰ্ভত মুখ খুলিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। চিকিৎসক সমাজক ক্ষমা খোজা বাদেই তেওঁ ওলোটাই সংবাদ মাধ্যমেহে বিকৃত ৰূপত বাতৰি পৰিবেশন কৰা বুলি উল্লেখ কৰে।

তেওঁ পোষ্টটোত কয় ‘আমাৰ মহিলাসকলৰ মাজৰ কিছুসংখ্যকে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে আৰু তাৰ মাজৰে কিছুসংখ্যকে পৰিস্থিতিৰ পাকচক্ৰত পৰি এই নিৰ্যাতনৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ কৰিবলৈ সক্ষম নহয়৷ সেই প্ৰসংগতে মই মাত্ৰ অতীতত ঘটি যোৱা এটা ঘটনাৰ উদাহৰণ দাঙি ধৰিছিলোঁ৷ কিন্তু সেই উদাহৰণৰ দ্বাৰা গুৰুত্বপূৰ্ণ বিষয় এটা দাঙি ধৰিব খোজা মোৰ সৎ উদ্দেশ্যক আওকাণ কৰি একাংশ সংবাদ মাধ্যমে বিকৃত ৰূপত গোটেই বিষয়টোক এটা বিতৰ্কৰ দিশে লৈ যোৱাৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। চিকিৎসক সকলৰ মাজৰ দুই এগৰাকীয়েও প্ৰকৃত সত্য নজনাকৈ নিজৰ মতামত সমূহ বিভিন্ন মাধ্যমত দাঙি ধৰা দেখা পাইছোঁ৷’

‘ গতিকে মই সদাশয় সকলো লোককে জনাব বিচাৰিছোঁ যে, কোনো এটা বৃত্তিৰ লগত জড়িত সমাজ এখনক আজুৰি কথা কোৱা বা হেয় প্ৰতিপন্ন কৰাৰ ধৃষ্টতাও মোৰ নাই আৰু সেয়া মোৰ উদ্দেশ্যও নাছিল। অতীতত ঘটা কোনো ঘটনাৰ উদাহৰণ এটাক সাধাৰণীকৰণ কৰি ‘বিতৰ্ক’ কৰিব খোজা চক্ৰান্তত ভৰি দিয়াৰ আগতে সকলোৱে প্ৰকৃত সত্য জনাতো প্ৰয়োজনীয়। সেয়েহে ভৱিষ্যতেও কোনো এটা প্ৰসংগত কেৱল প্ৰক্ষিপ্ত/উদ্দেশ্য প্ৰণোদিত ভাবে সম্পাদিত ভিডিঅ’ চাই মতামত ব্যক্ত কৰাৰ আগতে প্ৰকৃত সত্যটো জানি লোৱাৰ বাবে সম্পূৰ্ণ ভিডিঅ’ চোৱাৰ বাবে আহ্বান জনালোঁ৷ আশা কৰিছোঁ মোৰ এইখিনি বক্তব্যই বিভ্ৰান্তি আৰু ‘বিতৰ্ক’ দূৰ কৰিব।‘ তেওঁ এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd