• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাই প্ৰফাইল গুৱাহাটী সমষ্টি : এজনো প্ৰাৰ্থীৰ নাই লোকসভা নিৰ্বাচন খেলাৰ অভিজ্ঞতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 28, 2019 11:54 pm
GUwahati Candidate Photo
892
VIEWS
Share on FacebookShare on Twitter

এইবাৰৰ সাধাৰণ নিৰ্বাচনৰ পৃষ্ঠভূমিত গুৱাহাটী লোকসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে এখন ব্যতিক্ৰমী ছবি। ভোটাৰৰ সংখ্যাৰ দিশেদি ৰাজ্যৰ বৃহত্তম সমষ্টিটোক হাই প্ৰফাইল সমষ্টি বুলি আখ্যা দিয়া হয় যদিও আশ্চৰ্য্যৰ কথাটো হৈছে এই পৰ্য্যন্ত বিভিন্ন দলৰ পৰা আৰু নিৰ্দলীয়ভাৱে প্ৰাৰ্থী হিচাপে দিয়া এজনৰো নাই ৰাষ্ট্ৰীয় ৰাজনীতিৰ অভিজ্ঞতা।

কংগ্ৰেছে এতিয়াও সমষ্টিটোত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও বিজেপি, তৃণমূল কংগ্ৰেছ, হিন্দুস্থান নিৰ্মাণ দলে প্ৰাৰ্থী ঘোষণা কৰিছে। লগতে দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত কৰিছে। কিন্তু এওঁলোকৰ সকলোৱেই ৰাজনীতিত তেনেই নতুন।

পূৰ্বতে সাংসদ হোৱা বাদেই এগৰাকীও প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনেই খেলি পোৱা নাই। এইবাৰ বিজেপিৰ প্ৰাৰ্থী হোৱা কুইন ওজাই ইয়াৰ পূৰ্বে এবাৰ মাত্ৰ, ২০১১ চনত বিধানসভা নিৰ্বাচনত অগপৰ হৈ  পূব গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগ বঢ়াইছিল। তেওঁ কংগ্ৰেছৰ কেপ্তেইন ৰবীন বৰদলৈৰ হাতত পৰাস্ত হৈছিল।

ইপিনে তৃণমূল কংগ্ৰেছে গুৱাহাটী লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে মনোজ কুমাৰ শৰ্মাক। শৰ্মাই ২০১১ চনত সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সাংসদ প্ৰাৰ্থী হিচাপে কেতিয়াও প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিজ্ঞতা নাই।

হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰাজীৱ কাকতীৰো লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদাহৰণ নাই। তেওঁ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ সভাপতি তথা বৰ্তমানৰ হিন্দুস্থান নিৰ্মাণ দলৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ আছে।

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নমা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকা আৰু উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা চলচ্চিত্ৰ নিৰ্মাতা জোনমণি দেবী খাউণ্ড ৰাজনীতিৰ পথাৰখনত তেনেই নতুন।

নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। তেওঁ এইবাৰ প্ৰথম সক্ৰিয় ৰাজনীতিলৈ আহিছে আৰু মঞ্চৰ সমৰ্থনত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগ বঢ়াইছে।

আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেবী খাউণ্ড যুঁজাৰু দ্যা ফাইটাৰ্ছৰ সভানেত্ৰী তথা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ ৭০টা সংগঠনৰ এগৰাকী নেত্ৰী আছিল। তেওঁৰো এয়া সক্ৰিয় ৰাজনীতিত প্ৰথম খোজ।

কংগ্ৰেছে এই পৰ্য্যন্ত কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ববিতা শৰ্মাৰ নাম আৰু ৰমেন বৰঠাকুৰৰ নাম সৰ্বাধিক চৰ্চাত আছে। যিকোনো এজনে পালেও লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকৰো এয়া প্ৰথম খোজেই হ’ব। হাই প্ৰফাইল সমষ্টিটোত আটাইকেইজন নতুন প্ৰাৰ্থীৰ মাজৰ যুঁজ আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে, গুৱাহাটী লোকসভা সমষ্টিত দুধনৈ, বকো, ছয়গাওঁ, পলাশবাৰী, জালুকবাৰী, দিচপুৰ, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী, হাজো আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিকেইটা অন্তৰ্ভুক্ত হৈ আছে। এই সমষ্টিকেইটাৰ ৭টা সমষ্টি বিজেপিৰ দখলত থকাৰ বিপৰীতে দুটা সমষ্টি কংগ্ৰেছৰ আৰু এটা অগপৰ দখলত আছে।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd