নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি উত্তৰ-পূব ছাত্ৰ সংগঠনে আহ্বান জনোৱা উত্তৰ-পূব বন্ধত ত্ৰিপুৰাৰ বিভিন্ন স্থানত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয়।
সোমবাৰে লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত ত্ৰিপুৰাত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হৈ উঠা দেখা গৈছে।
আজি ৰাতিপুৱা ৫ বজাৰ পৰা ৪ বজালৈ আহ্বান জনোৱা বন্ধৰ সময়ত আগৰতলাত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে।
প্ৰতিবাদৰ সময়ত এম্বুলেঞ্চক যাবলৈ অনুমতি দিয়া হয়। ত্ৰিপুৰাত শিক্ষানুষ্ঠানকে আদি কৰি দোকান-পোহাৰৰ লগতে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে।
বন্ধৰ সময়ত বন্ধ সমৰ্থনকাৰী সকলে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে।
উত্তৰ-পূব ছাত্ৰ সংগঠনৰ অধীনত খামলোং ছাত্ৰ সন্থাকে ধৰি অন্য সংগঠন সমূহেও বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদত অংশ লয়।
ত্ৰিপুৰাৰ বিভিন্ন স্থানত বন্ধ সমৰ্থনকাৰীয়ে শান্তিপূৰ্ণভাৱে আহ্বান জনোৱা বন্ধ উলংঘা কৰা যান-বাহনৰো ক্ষতিগ্ৰস্ত কৰে।