NORTHEAST NOW (Assamese)

শিৱসাগৰত ৰেল অৱৰোধেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

December 10, 2019 5:34 pm · এন ই নাও নিউজ
শিৱসাগৰত প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূব ছাত্ৰ সংগঠন চমুকৈ নেছোই আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ সময়ত প্ৰতিবাদকাৰী সকলে আমগুৰিৰ বৰাহীবাৰীত ৰে’লপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বন্ধ সমৰ্থনকাৰী সকলে নামনিমুৱা অমৃতসৰ এক্সপ্ৰেছ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থাই আহ্বান জনোৱা উত্তৰ-পূব বন্ধলৈ সমৰ্থন আগবঢ়াই আমগুৰি আটাছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম যুৱ পৰিষদ, আহোম জাতীয় গণমঞ্চ, আহোম সেনাকে ধৰি বহু কেইটা দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ৰে’ল অৱৰোধ কৰি নৰেন্দ্ৰ মোদী হায় হায়, অমিত শ্বাহ গ’ বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, কেব আমি নামানো আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে।

আনহাতে, বন্ধৰ সময়ত শিৱসাগৰৰ দোকান-পোহাৰ, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানকে আদি কৰি সকলো ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ হয়।

সমগ্ৰ অসম বন্ধৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱে ভালেকেইখন যাত্ৰীবাহী ৰে’লৰ সময়সূচী সলনি কৰিছে।

Related News