ভাৰতৰ পৰ্বতাৰোহণ ফাউণ্ডেশ্যনৰ সহযোগত ইণ্ডিয়ান ইনষ্টিটিউট অব এণ্ট্ৰিপ্ৰিন’ৰশ্বিপ, অসম স্প’ৰ্ট ক্লাইম্বিং এছ’চিয়েচন আৰু অসম পৰ্বতাৰোহণ সংস্থাৰ যৌথ উদ্যোগত বিগত বছৰৰ দৰে এইবছৰো অহা ২৫-২৬ মে’ত খানাপাৰাত উত্তৰ-পূব মুকলি ‘স্প’ৰ্ট ক্লাইম্বিং’ প্ৰতিযোগিতা আয়োজন কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে আয়োজক মণ্ডলীয়ে ৷
ভাৰতৰ পৰ্বতাৰোহণ ফাউণ্ডেশ্যনে উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ উপৰি ছিকিমক সামৰি এই প্ৰতিযোগিতাক ‘মাণ্ডলিক প্ৰতিযোগিতা’ হিচাপে ঘোষণা কৰিছে।
উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ প্ৰতিযোগীয়ে অংশ লোৱাৰ লগতে, পুৰুষ-মহিলা উভয় শাখাতে চাব-জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পৰ্বতাৰোহণ আৰু ‘স্প’ৰ্ট ক্লাইম্বিঙ’ক জনপ্ৰিয় কৰি তোলা প্ৰয়াত বিমল চন্দ্ৰ গোস্বামীৰ স্মৃতিত যোৱা বছৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে।