• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্তিম ৩ মিনিটত চমৎকাৰী দুগ’ল; কেৰালা ব্লাষ্টাৰ্ছক ২-১-অত হৰুৱাই তৃতীয় স্থানলৈ নৰ্থ-ইষ্ট য়ুনাইটেড

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 23, 2018 10:10 pm

2 min read

NorthEastUnited
352
VIEWS
Share on FacebookShare on Twitter

আই এছ এলৰ আজিৰ এখন খেলত অতিৰিক্ত সময়লৈকে ০-১-অত পিছপৰি থকা নৰ্থ-ইষ্ট য়ুনাইটেডে চমকপ্ৰদ আৰু অবিশ্বাস্য প্ৰত্যাৱৰ্তনেৰে কেৰালা ব্লাষ্টাৰ্ছক ২-১-অত হৰুৱায়। এয়া নৰ্থ-ইষ্ট য়ুনাইটেডৰ ৭ম খেল আছিল। আনহাতে কেৰালাৰ আছিল ৮ম সংখ্যক খেল।

আজিৰ এই চমকপ্ৰদ জয়েৰে দলটো তালিকাৰ পঞ্চম স্থানৰ পৰা ৩ নং স্থানলৈ উঠে। এতিয়া নৰ্থ-ইষ্ট য়ুনাইটেডৰ সন্মুখত আছে কেৱল গোৱা আৰু বেংগালুৰু। দুয়োটা দলৰে পইণ্ট ১৬ হোৱাৰ বিপৰীতে নৰ্থ-ইষ্ট য়ুনাইটেডৰ পইণ্ট হ’লগৈ ১৪।

মন কৰিব লগীয়া যে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা আজিৰ খেলত দুয়োটা দলেই গ’ল কৰাৰ বাবে কঠিন সংগ্ৰাম কৰিব লগীয়া হৈছিল। প্ৰথম অৰ্ধ গ’লশূন্যভাৱে সমাপ্ত হোৱাৰ বিপৰীতে দ্বিতীয় অৰ্ধত খেলৰ ৭২ মিনিটত কেৰালাৰ মাটেজ পপলাটনিকে এটা গ’ল দিয়ে।

০-১ ব্যৱধানত পিছপৰি থকা অৱস্থাতেই খেলৰ মূল সময় অন্ত পৰিছিল যদিও আশা এৰা নাছিল নৰ্থ-ইষ্ট য়ুনাইটেডৰ পৰিশ্ৰমী অধিনায়ক বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche)। অৱশেষত অতিৰিক্ত ৬ মিনিট সময়ৰ ২ মিনিট যাওঁতেই সুযোগ আহে দলটোলৈ। এটা পেনাল্টি কিকৰ সুবিধা পাই তাক অতি কলাত্মকভাৱে গ’ললৈ ৰূপান্তৰ কৰে অধিনায়ক বাৰ্থলমেউ অগবেছেই।

ইয়াৰ ৪ মিনিট পিছত, অৰ্থাৎ অন্তিম মিনিটত বিপক্ষৰ গ’লকীপাৰে টলকিব নোৱৰাকৈ এটা গ’ল দিয়ে সতীৰ্থ জুৱান ক্ৰুজে। গ’ল হোৱাৰ লগে লগে খেলৰ গতিৰ এই চমৎকাৰী পৰিৱৰ্তনত আত্মহাৰা হৈ পৰা দলটোৰ ডাচ্ছ প্ৰশিক্ষক এলকো স্কেটৰি (Eelco Schattorie) জঁপিয়াই উঠাটো আছিল চাবলগীয়া মুহূৰ্ত।

মন কৰিব লগীয়া যে কেৰালাই প্ৰথম খেলখনত জয়ী হোৱাৰ পৰা এতিয়ালৈকে জয়ৰ মুখ দেখা নাই। আজিৰ জয়ৰ সুযোগক অন্তিম মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডে পৰাজয়লৈ সলনি কৰি দলটোৰ এই দুৰ্দিন অধিক দীঘলীয়া কৰিলে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd