তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু শীৰ্ষস্থানৰ বাংগালুৰু এফ চিৰ ড্ৰ; দ্বিতীয় স্থান অক্ষত নৰ্থ-ইষ্টৰ

৯০ মিনিট পৰ্য্যন্ত আগ বাঢ়ি থাকিও শেষ মুহূৰ্তত গ'ল খালে নৰ্থ-ইষ্ট য়ুনাইটেডে

NorthEastUnited

আই এছ এলৰ আজিৰ এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেল নৰ্থ-ইষ্ট য়ুনাইটেডে শীৰ্ষস্থানৰ দল বাংগালুৰু এফ চিৰ বিৰুদ্ধে ১-১-অত ড্ৰৰে সামৰিব লগীয়া হয়। গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা আজিৰ খেলখনত ঘৰুৱা দলটোৱে শীৰ্ষস্থানৰ দলটোৰ বিৰুদ্ধে খেলৰ অতিৰিক্ত সময়লৈকে আগুৱাই আছিল।

কিন্তু অতিৰিক্ত সময়ৰ ২ মিনিটত বাংগালুৰু এফ চিৰ ভুটীয়া খেলুৱৈ চেনচো জিলটছেন এটা গ’ল দি হতাশ কৰে নৰ্থ-ইষ্ট য়ুনাইটেডক।

ইয়াৰ পূৰ্বে নৰ্থ-ইষ্ট য়ুনাইটেডে ৬৪ মিনিটত ইয়াৰ উৰুগুৱেন তাৰকা ফেডেৰিকো গালেগোৰ গ’লৰ সহায়ত অগ্ৰগতি লাভ কৰিছিল আৰু খেলৰ অতিৰিক্ত সময় পৰ্য্যন্ত সেই অগ্ৰগতি ধৰি ৰাখিছিল। ফলত উৎফুল্ল হৈ পৰিছিল দলটোৰ অনুৰাগী তথা ঘৰুৱা সমৰ্থকসকল। কিন্তু শেষ তিনি মিনিটত তেওঁলোক হতাশ হ’ব লগীয়া হয়।

অৱশ্যে এই ড্ৰ সত্ত্বেও তালিকাত দুয়োটা দলৰ অৱস্থানৰ কোনো সালসলনি হোৱা নাই আৰু দুয়োটা দল প্ৰথম দুটা স্থানতে আছে।

উল্লেখযোগ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে এইবাৰ ডাচ্ছ প্ৰশিক্ষক এলকো স্কেটৰি (Eelco Schattorie) আৰু নাইজেৰিয়ান অধিনায়ক বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche) ৰ সুনেতৃত্বত ব্যতিক্ৰম ধৰণৰ উন্নত খেল প্ৰদৰ্শন কৰিছে।

নৰ্থ-ইষ্ট য়ুনাইটেডে এইবাৰ এই পৰ্য্যন্ত ১০খন খেলৰ এখনতহে পৰাজিত হৈছে। ৫খনত জয় পোৱাৰ বিপৰীতে ৪খন ড্ৰ খেলিছে। দলটোৰ মুঠ পইণ্ট হ’ল ১৯।

আনহাতে বাংগালুৰু এফ চিয়ে এই পৰ্য্যন্ত এখনো খেলত হৰা নাই। ৯খন খেল খেলি মাত্ৰ ২খন ড্ৰ আৰু বাকী ৭খনত জয়ী হৈছে। দলটোৰ পইণ্ট হ’ল ২৩। তৃতীয়ত আৰু চতুৰ্থ স্থানত থকা ক্ৰমে গোৱা আৰু মুম্বাই চিটিৰ পইণ্ট হ’ল ১৭।