NORTHEAST NOW (Assamese)

আমেৰিকাৰ দাবী নস্যাৎ; ৰাছিয়াক অস্ত্ৰ দিয়াৰ কথা অস্বীকাৰ উত্তৰ কোৰিয়াৰ

September 22, 2022 4:16 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহিত।

যুদ্ধৰ পৰিস্থিতিৰ মাজতেই উত্থাপিত এক অভিযোগৰ সম্পৰ্কে নিজৰ স্থিতি স্পষ্ট কৰিছে কিম উন জঙৰ দেশখনে। উত্তৰ কোৰিয়াই ৰাছিয়াক অস্ত্ৰ বিক্ৰী কৰাৰ কথা অস্বীকাৰ কৰিছে। দেশখনে কৈছিল যে তেওঁলোকে কেতিয়াও মস্কোক অস্ত্ৰ বিক্ৰী কৰা নাই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক চোৰাংচোৱা প্ৰতিবেদনত দাবী কৰা হৈছে যে ৰাছিয়াই উত্তৰ কোৰিয়াৰ পৰা অস্ত্ৰ ক্ৰয় কৰি আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে দাবী কৰিছিল যে ৰাছিয়াই উত্তৰ কোৰিয়াৰ পৰা ৰকেট আৰু আৰ্টিলাৰী ক্ৰয় কৰাৰ প্ৰক্ৰিয়াত চলাইছে।

ফটো: সংগৃহিত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱাই এইটোও দাবী কৰিছে যে পশ্চিমীয়া নিষেধাজ্ঞাৰ অধীনত থকা ৰাছিয়াই ইৰাণৰ পৰাও অস্ত্ৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে।

উত্তৰ কোৰিয়াই এক বিবৃতিত কয়, “আমি কেতিয়াও ৰাছিয়ালৈ অস্ত্ৰ ৰপ্তানি কৰা নাই আৰু ভৱিষ্যতে এনে কৰাৰ কোনো পৰিকল্পনা আমাৰ নাই।”

ফটো: সংগৃহিত।

আনহাতে, পিয়ংইয়ং-য়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত থকা পূৰ্বৰ শত্ৰুতাৰ বাবেই দেশখনে উৰাবাতৰি বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে।

Related News