NORTHEAST NOW (Assamese)

হলীউদৰ ষ্টাইলত ক্ষেপনাস্ত্ৰ পৰীক্ষণৰ ভিডিঅ’ প্ৰকাশ কৰি চৰ্চাত উত্তৰ কোৰিয়াৰ একনায়ক কিম

March 26, 2022 2:44 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ আন্ত:মহাদেশীয় বেলিষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষণ চলাই চৰ্চালৈ আহিছে উত্তৰ কোৰিয়া। এই বিষয়ক এটা ভিডিঅ’ও প্ৰকাশ কৰা হৈছে। ভিডিঅ’টোৰ জৰিয়তে উত্তৰ কোৰিয়াৰ সামৰিক শক্তিৰ প্ৰদৰ্শন দাঙি ধৰা হৈছে।

ভিডিঅ’টোত দেশখনৰ একনায়ক কিম জং উনৰ ষ্টাইলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। লেডাৰ জেকেট আৰু চকুত ক’লা গ্লাছ লগাই উপস্থিত আছিল কিম। ভিডিঅ’টোত আনকি স্পেছিয়েল এফেক্টৰ লগতে আৱহ সংগীতো ব্যৱহাৰ কৰা হৈছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমকে ধৰি বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনত ভিডিঅ’টোক হলীউদৰ একশ্যন ছবিৰ সৈতে তুলনা কৰি কৌতুক কৰা হৈছে। এই ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

উত্তৰ কোৰিয়াই দাবী কৰা মতে এইটো এতিয়ালৈকে কৰা আটাইতকৈ বৃহৎ আন্ত:মহাদেশীয় ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ। দেশখনৰ ৰাষ্ট্ৰীয় নিউজ চেনেলসমূহত এই খবৰ ব্যাপকভাৱে প্ৰচাৰিত হৈছে।

এই দীৰ্ঘ দূৰত্বভেদী ক্ষেপনাস্ত্ৰই উত্তৰ কোৰিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ পৰ্যন্ত লক্ষ্যভেদ কৰিব পাৰে বুলি দাবী কৰা হৈছে। উত্তৰ কোৰিয়াৰ বাবে এই ক্ষেপনাস্ত্ৰৰ পৰীক্ষণ নিষিদ্ধ। পূৰ্বতে এনেধৰণৰ পৰীক্ষণৰ বাবেই দেশখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। 

Related News