‘সন্মানীয় পিতা’ বুলি মাতিব লাগিব কিম জঙক! দেশৰ যুৱ সমাজক অদ্ভুত নিৰ্দেশ উত্তৰ কোৰিয়াৰ

ফটো: সংগ্ৰহীত।

দেশৰ যুৱক-যুৱতীসকলে তেওঁক ‘সন্মানীয় পিতা’ (Respected Father) বুলি মাতিব লাগিব। এই নিৰ্দেশ উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনৰ। ৩৮ বছৰীয়া নেতাগৰাকীৰ এনে নিৰ্দেশনাই তেওঁৰ পিতৃ আৰু ককাৰ কথা মনত পেলাই দিয়ে।

কিমৰ পিতৃ জম জং দ্বিতীয় আৰু ককাক কিম দ্বিতীয় চাঙেও দেশৰ নৱপ্ৰজন্মক একেটা নিৰ্দেশেই দিছিল। তেওঁলোকক ‘সন্মানীয় পিতা’ বুলি কোৱা হৈছিল। কিমেও সেই পথেৰেই বাট বুলিলে।

লগতে পঢ়ক: ৰাছিয়াৰ তেল পুনৰ বিক্ৰীত ভাৰতৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নৰ আহ্বানৰ পিছতে প্ৰত্যুত্তৰ জয়শংকৰৰ!

সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে কিমৰ এই নিৰ্দেশ দেশৰ যুৱক-যুৱতীসকলে ভালদৰে গ্ৰহণ কৰা নাই। কাৰণ, জনমানসত তেওঁৰ ভাবমূর্তি একেবাৰে ভাল নহয়৷

নাম প্ৰকাশত অনিচ্ছুক এজন ব্যক্তিয়ে জানিবলৈ দিয়ে যে চলিত মাহতে এক শিক্ষামূলক ভাষণত দেশৰ ১৪ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ যুৱ সকলক কিমক ‘পিতা’ বুলি মাতিবলৈ নির্দেশ দিয়া হৈছে ৷

ইপিনে, কিমৰ বয়স এতিয়া  মাত্ৰ ৩৮ বছৰ। বহুতে এই কথাত অস্বস্তিত পৰিছে। তেওঁলোকৰ মতে, কিম এতিয়াও তৰুণ। তদুপৰি, তেওঁ নিজৰ পূৰ্বজসকলৰ দৰে অভিজ্ঞ হৈ উঠিব পৰা নাই। গতিকে বহুতে তেওঁক ‘পিতা’ বুলি সম্বোধন কৰিবলৈ আগ্ৰহী নহয়।

লগতে পঢ়ক:উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

উল্লেখ্য যে কিমৰ পিতৃ আৰু ককাকে ক্ৰমে ৫৩ আৰু ৫৫ বছৰ বয়সত এই খিতাপ গ্ৰহণ কৰিছিল। বহুতে দাবী কৰে যে ইমান কম বয়সতে কিমৰ নিৰ্দেশৰ বাবেই যুৱক-যুৱতীসকলৰ মাজত কিমৰ প্ৰতি অসন্তুষ্টি বাঢ়িছে।