• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব ভাৰতত সৰ্বনিম্ন গালি-গালাজৰ ব্যৱহাৰ! ১১ বছৰীয়া অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2025 7:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১১ বছৰ ধৰি চলা এক দেশজোৰা অধ্যয়নত উত্তৰ-পূব ভাৰতক আটইতকৈ কম গালি-গালাজ কৰা ভাষাৰ ব্যৱহাৰ অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। সমীক্ষাত দেখা গৈছে যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাত্ৰ ২০–৩০% লোকেহে আপত্তিজনক বা গালি-গালাজৰ শব্দ ব্যৱহাৰ কৰে।

গৱেষকসকলে দেশৰ প্ৰায় ৭০,০০০ ব্যক্তিৰ ওপৰত সমীক্ষা চলাই এই সিদ্ধান্তত উপনিত হৈছে। উত্তৰ-পূবৰ সন্মানজনক কথনৰ এই ধাৰা সাংস্কৃতিক মূল্যবোধ, শক্তিশালী সম্প্ৰদায়ৰ সম্পৰ্ক আৰু শিক্ষাৰ ওপৰত গুৰুত্বৰ ফল বুলি গণ্য কৰা হৈছে। কেৱল জম্মু-কাশ্মীৰত ইয়াতকৈও কম, মাত্ৰ ১৫% লোকে গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা বুলি অধ্যয়নত প্ৰকাশ পাইছে।

Apply Now

অধ্যয়নত উত্তৰ-পূবৰ ভাষিক আৰু সাংস্কৃতিক সমৃদ্ধিক এই সন্মানজনক পৰিৱেশৰ কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। অসমীয়া, বাংলা, বড়ো, খাচী, মণিপুৰী আদি ভাষাই এই অঞ্চলত এক চহকী আৰু সৌজন্যমূলক ভাষিক পৰিৱেশ গঢ়ি তুলিছে।

ইয়াৰ বিপৰীতে দিল্লীত গালি-গালাজৰ ব্যৱহাৰ সৰ্বাধিক, য’ত ৮০% অংশগ্ৰহণকাৰীয়ে সঘনাই, প্ৰায়ে মহিলাৰ প্ৰতি লক্ষ্য কৰি এনে ভাষা ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰিছে। পঞ্জাবত ৭৮%, উত্তৰ প্ৰদেশ আৰু বিহাৰত ৭৪%, ৰাজস্থানত ৬৮% আৰু হাৰিয়ানাত ৬২% লোকে গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰে।

পশ্চিমৰ ৰাজ্যসমূহৰ মাজত মহাৰাষ্ট্ৰত ৫৮%, গুজৰাটত ৫৫%, মধ্যপ্ৰদেশত ৪৮% আৰু উত্তৰাখণ্ডত ৪৫% হাৰ পোৱা গৈছে। গুজৰাটৰ ভদ্ৰ যোগাযোগৰ সুনাম থকাৰ পিছতো, কম বয়সীয়া লোকৰ মাজত আকস্মিক গালি-গালাজ সাধাৰণ।

গৱেষকসকলে লক্ষ্য কৰিছে যে চহৰৰ জীৱন, বিশেষকৈ মুম্বাই আৰু পুনেৰ দৰে চহৰত, মানসিক চাপৰ বাবে কঠোৰ ভাষাৰ ব্যৱহাৰ বাঢ়িছে। গ্ৰাম্য অঞ্চলত কিছুমান উপভাষাত শক্তিশালী অভিব্যক্তি আকস্মিকভাৱে ব্যৱহাৰ হয়। সমীক্ষাত, ক্ষতিকাৰক উদ্দেশ্য নোহোৱাকৈ ৩০% মহিলাই গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰিছে, যিয়ে এই সমস্যাৰ ব্যাপক সামাজিক প্ৰকৃতি প্ৰতিফলিত কৰে।

মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ সহযোগত চেলফি উইথ ড’টাৰ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত এই অধ্যয়নত ছাত্ৰ, শিক্ষক, আৰক্ষী, স্বাস্থ্যকৰ্মী, অটো-ৰিক্সা চালকৰ মৌখিক আচৰণ বিশ্লেষণ কৰা হৈছিল। ড° সুনীল জাগলানৰ নেতৃত্বত “গালি বন্দ ঘৰ অভিযান”ৰ অধীনত এই প্ৰচেষ্টা সন্মানজনক যোগাযোগৰ প্ৰসাৰৰ বাবে কৰা হৈছে বুলি জনিবলৈ  দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd