• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ভিডিও

নৰ্থ-ইষ্ট নাওৰ তথ্যচিত্ৰ : “মাফিয়াৰ হাতোৰাত ভেলাহাৰীৰ বিননি”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 24, 2024 6:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকৃতিয়ে আমাক দিয়া নাই কি? সকলো দিয়াৰ পাছত আমি প্ৰকৃতিক বিনিময়ত দিছো কি?  

যোৱা জুন মাহৰ পৰা ভয়ংকৰ সংকটৰ গৰাহত দিন অতিবাহিত কৰিছিল জৈৱ বৈচিত্ৰৰে ভৰপূৰ চানডুবি অঞ্চলৰ এটা অঞ্চল। দুষ্ট চক্ৰৰ কু অভিসন্ধি আৰু ব্যক্তিগত মুনাফা লাভৰ স্বাৰ্থতে এনেদৰেই প্ৰকৃতিৰ বুকুত এক্সকেভেটৰেৰে বিন্ধি খান্দি খাস্তাং কৰিছিল এটা পাহাৰ, বন্ধ কৰি পেলাইছিল এটা প্ৰৱাহিত জুৰি…. বাট সলাই পথৰ ওপৰৰে প্ৰবাহিত হ’ব ধৰিছে এটা জুৰি।  শিলৰ কুঁৱেৰীলৈ ৰাস্তা নিৰ্মাণৰ নামত কাটি খাস্তাং কৰি পেলাইছিল বহু মূল্যবান গছ।

Apply Now

কিন্তু ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি অসমীয়াত এষা কথা আছে। প্ৰকৃতিৰ প্ৰতি আকুন্ঠ মৰম ভাল পোৱা থকা একাংশ লোকৰ প্ৰচেষ্টাতে যেন বন্ধ হৈ পৰিল প্ৰকৃতিৰ ওপৰত চলোৱা নিৰ্মম অত্যাচাৰ।

হয়, আমি ক’বলৈ ওলাইছো অসম মেঘালয় সীমান্তৱৰ্তী  ভেলাহাৰিত এক বিশাল তথা ভয়ানক ভাৱে শিল খননৰ বিষয়ে। মানুহ কেনেকৈ ইমান নিৰ্মম হ’ব পাৰে? সেউজীয়া পাহাৰৰ সৌন্দয্যতা সহ্য নকৰা একাংশ দুষ্টচক্ৰ বা মাফিয়াৰ ব্যক্তিগত লাভালাভৰ স্বাৰ্থতে এনেদৰে টকলা কৰাৰ যেন প্ৰতিযোগিতাত নামি পৰে।

গুৱাহাটীৰ পৰা প্ৰায় ৫৫ কি:মি নিলগত বা মিৰ্জাৰ পৰা প্ৰায় ২৬ কি:মি দূৰত্বত অৱস্থিত ভেলাহাৰীত প্ৰকৃততে হৈ আছে নো কি তাৰেই বুজ ল’বলৈ নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ নেতৃত্বত এটা সঁজাতি দল উপস্থিত হৈছিলোগৈ অসম মেঘালয়ৰ সীমান্তৱৰ্তী সেই দুৰ্গম অঞ্চলটোত। পৰিবেশতন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ অঞ্চলটোৰ আছে তিনিটা বিশেষত্ব… পৰিবেশতন্ত্ৰ, জৈৱ-বৈচিত্ৰ্য,আৰু স্থানীয় মানুহৰ পৰম্পৰাগত জীৱন ধাৰণ।কিন্তু তাৰ জীপাল সেউজীয়া পৰিবেশ আৰু সম্পদৰ ওপৰত অনবৰতে ধুৰন্ধৰ বনিয়াৰ চকু। মাজতে গছ কাটি ৰাস্তা বহলাবলৈ ওলাইছিল চানডুবিত।

ভাৱকচোন এটা ইক’চেনচিটিভ জ’ন তথা ২০০৩ চনতে Important Bird Area আৰু Key Bio diversity Area বুলি International union for conservation of Nature এ ঘোষণা কৰাৰ পাছতো মৰসাহ কৰি এইগৰাকী মহিলাৰ নামত পঞ্জীভূত মাটি চলে বলে কৌশলে দখল কৰি শিলৰ কুঁৱেৰী স্থাপন কৰি ৬ মাহে অত্যাচাৰ কৰি আহিছিল। মেৰিঅ’ছ ৰাণী নামৰ মহিলাগৰাকীৰ নামত পঞ্জীভূত বন্যভূমিখিনি সেউজীয়া কৰি ৰখাৰ ক্ষেত্ৰত ১৫ বছৰতকৈ অধিক সময় বিশেষ ভূমিকা পালন কৰি আহিছিল মহিলাগৰাকীয়ে। কিন্তু চলিত বৰ্ষৰ জুন মাহত মেঘালয়ৰ মাফিয়া ক্ৰমে এক্টিপ পাতৰ, অখৰাও ৰাণী, পিঅ’ খাৰচেনটিঅ’, অবিয়াচ দিয়া আৰু এথ’ইন দিয়াই জোৰ জবৰদস্তি মেৰিঅ’ছৰ নামৰ পঞ্জীকৃত ভূমিতে শিলৰ কুঁৱেৰী নিৰ্মাণ কৰি প্ৰায় হত্যা কৰি পেলালে এটা নিজৰা।

গণতান্ত্ৰিক, অহিংস বা সু সংগঠিত প্ৰতিবাদ যে সফল হয় তাৰেই চানেকি দাঙি ধৰিলে অসম- মেঘালয় সীমান্তৰ চানডুবিস্থিত গাওঁ তথা যুৱ সংঘৰ লগতে বিভিন্ন সংগঠনে।  তেওঁলোকৰ সংৰক্ষিত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ শংকাত সংগবদ্ধভাৱে মেঘালয়ৰ বন বিভাগৰ উপ সঞ্চালক প্ৰধানক স্মাৰক পত্ৰ প্ৰদানৰ লগতে মেঘালয়ৰ ৰিভই জিলাৰ উপায়ুক্তকো অবগত কৰে। মেঘালয়ৰ বনবিভাগৰ আৰু জিলা প্ৰশাসনৰ তত্পৰতাত পাছতে শিল কুঁৱেৰীৰ কাম বন্ধ কৰি সকলো মেছিন এস্কেভেটৰ লৈ পলায়ন কৰে মাফিয়া কেইটাই। এই খনন এনে এটা অঞ্চলত হৈছে য’ৰ পৰা স্থানীয় গাঁৱৰ মানুহে তেওঁলোকৰ বিশুদ্ধ খোৱাপানী সংগ্ৰহ কৰে আৰু একেখিনি খোৱা পানী খোৱা ঘৰচীয়া আৰু বন্যপ্ৰাণীয়েও পান কৰে৷ ইতিমধ্যে এই জুৰিৰ পানী নষ্ট হৈ গৈছে যিটো অসমলৈ বৈ আহে আৰু ইয়াৰ ফলত  চানডুবিৰ কাষৰীয়া গাঁওসমূহো প্ৰভাৱিত হৈছে। ড্ৰিলিং আৰু ব্লাষ্টিঙৰ বাবে ৰাতিও স্থানীয় মানুহ শুব নোৱাৰা হৈছে।

কিছু সময়ৰ বাবে আপোনালোকৰ স্ক্ৰীণত চাই লওঁকচোন কোন কোন সংগঠন বা যুৱ সংঘই উদ্যোগ গ্ৰহণ কৰি প্ৰকৃতিক ৰক্ষাৰ বাবে যত্পৰোনাষ্টি কৰিলে।

প্ৰকৃতি থাকিলেহে মানুহ থাকিব সেইদৰে প্ৰকৃতিক সংৰক্ষণ কৰি ৰখাটো প্ৰত্যেকগৰাকী নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। অতি দুৰ্গম অঞ্চলত বাটকুৰি বাই বাতৰি সংগ্ৰহ কৰাৰ উদ্দেশ্যই আছিল প্ৰকৃতি সুৰক্ষা আৰু পৰিবেশতন্ত্ৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰা। প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজ সজাগ হওঁক, চকুৰ আগত ব্যক্তিগত লাভালাভৰ ধান্দাত পাহাৰ কাটি শিল খান্দি, মূল্যবান গছ জধে মধে যাতে প্ৰকৃতিৰ বুকুত আঘাত নাহানে… বা কোনোবাই আঘাত হানিলেও এইসকল প্ৰকৃতিপ্ৰেমীৰ দৰে আগুৱাই আহি সংগবদ্ধ ৰূপত গণতান্ত্ৰিক পদ্ধতিৰে বাধা প্ৰদান কৰক। প্ৰকৃতিক ৰক্ষণাবেক্ষণৰ উদাহৰণ হিচাপে বৃহত্তৰ চানডুবিৰ এইসকল লোক সকলোৰে বাবে হৈ ৰওঁক একো একোটা উদাহৰণ। লাহে লাহে ধৰাৰ বুকুলৈ এন্ধাৰো নামি আহিছিল। অতি দুৰ্গম পথেৰে মটৰ চাইকেলৰে বা খোজ কাঢ়ি পাহাৰ বগাই বগাই আমাৰ লক্ষ্যস্থানত উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰাৰ আঁৰত আছিল কেইজনমান প্ৰকৃতি প্ৰেমী যুৱকৰ সহায়-সহযোগিতা। কোনো ৰাজনৈতিক উদ্দেশ্য নোহোৱাকৈ অশেষ কষ্ট ত্যাগ স্বীকাৰ কৰি প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থতে অহৰহ মাত মাতি অহা এইসকললৈ নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা জনালো অশেষ কৃতজ্ঞতা। লাহে লাহে গুৱাহাটীৰ দিশে আগবাঢ়িল আমাৰ বাহন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd