মেঘালয় আৰক্ষীৰ বিৰুদ্ধে ‘নৰ্থইষ্ট নাও’ৰ আনুষ্ঠানিক অভিযোগ দাখিল

মেঘালয় আৰক্ষীৰ সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ নিকৃষ্ট প্ৰচেষ্টাৰ বিৰুদ্ধে বিভিন্ন কৰ্তৃপক্ষক আনুষ্ঠানিক অভিযোগ দাখিল ‘নৰ্থইষ্ট নাও’ৰ

meghalaya-police

‘নৰ্থইষ্ট নাও’ৰ সাংবাদিকে মেঘালয় আৰক্ষীৰ সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ নিকৃষ্ট প্ৰচেষ্টাৰ বিৰুদ্ধে বিভিন্ন কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে।

ডিজিটেল সংবাদ মাধ্যম ‘নৰ্থইষ্ট নাও’ৰ মুখ্য সম্পাদক অনিৰ্বান ৰয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰিছে।

প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী প্ৰকাস জাভেদকাৰ, ইণ্ডিয়ান জাৰ্ণেলিষ্ট য়ুনিয়ন, এডিটৰছ গীল্ড অফ ইণ্ডিয়া, ডিজিটেল নিউজ পাব্লিছাৰ্ছ এছ’চিয়েশ্যন অফ ইণ্ডিয়া আৰু জাৰ্ণেলিষ্ট য়ুনিয়ন অফ আছামৰ হাতত অভিযোগ দাখিল কৰা হৈছে।

অভিযোগত কোৱা হৈছে যে মেঘালয় আৰক্ষীৰ উপৰ্যুপৰি হেঁচাই সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ প্ৰচেষ্টাৰ সন্দৰ্ভত গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

‘’আমি শংকিত যে একাংশ আৰক্ষী বিষয়াই এক ৰাজনৈতিক অভিসন্ধিৰে সংবাদ মাধ্যমৰ ওপৰত আঘাত হনাৰ বাবে পটভূমি তৈয়াৰ কৰি আছে,’’- বিজ্ঞপ্তিটোত ৰয়ে কয়।

মেঘালয় আৰক্ষীৰ বিশেষ আৰক্ষী অধীক্ষক (চি আই ডি) এম জি টি ছাংমাই যোৱা ১৩ আগষ্টত গুৱাহাটী স্থিত সম্পূৰ্ণ আঞ্চলিক নিয়ুজ পৰ্টেল ‘নৰ্থইষ্ট নাও’লৈ চিআৰপিচিৰ ধাৰা ৯১ৰ অধীনত এখন জাননী প্ৰেৰণ কৰিছিল।

আৰক্ষী বিষয়াজনে নিয়ুজ পৰ্টেলটোক তাৎক্ষণিকভাৱে বাতৰি এটা উঠাই দিবলৈ আৰু লগতে ‘তথ্যৰ উৎসটোৰ নিৰ্ভৰযোগ্যতা মেঘালয় আৰক্ষীক আগবঢ়াবলৈ’ নিৰ্দেশ দিছিল।

লগতে পঢ়ক সপৰিয়ালে বিজেপিলৈ যাব মেঘালয়ৰ কংগ্ৰেছ নেতা মুকুল চাংমা আৰু অসমৰ পৱন সিং ঘাটোৱাৰ

যোৱা ১০ আগষ্টত নৰ্থইষ্ট নাওৱে বাতৰি পৰিৱেশন কৰিছিল যে মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল ছাংমাই বিজেপিত যোগদান কৰিব পাৰে।

বাতৰিটো সূত্ৰসমূহৰ নিৰ্ভযোগ্য তথ্যৰ ভিত্তিত পৰিৱেশন কৰা হৈছিল আৰু সূত্ৰসমূহৰ ক্ষতিৰ আশংকা কৰি পৰিচয় প্ৰকাশ কৰিব পৰা নাযায়।

মেঘালয় আৰক্ষীৰ হেঁচা সত্ত্বেও সাংবাদিকসকলে বাতৰিটোৰ পক্ষতে অটল থাকে আৰু ইয়াক উঠাই দিয়া নহ’ল।

ভাৰতীয় সংবিধানত এনে কোনো অধিকাৰ দিয়া হোৱা নাই য’ত বিশেষ আৰক্ষী অধীক্ষক পৰ্যায়ৰ এজন আৰক্ষী বিষয়াই এটা সংবাদ মাধ্যমৰ সংস্থাক বাতৰি এটা উঠাই দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিব পাৰে  তথা তথ্য সূত্ৰ প্ৰকাশ কৰিবলৈ সাংবাদিকক নিৰ্দেশ দিব পাৰে।

‘’আমাক আচৰিত কৰি, যোৱা ১৪ আগষ্টত মেঘালয় আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (এ) জি কে লাংগ্ৰাই এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি দাবী কৰে যে ‘কোনো সাংবাদিকতাৰ অধিকাৰে সংবাদ গোষ্ঠীক যিকোনো সময়তে বিচৰা তথ্য সূত্ৰ প্ৰকাশ কৰাৰ পৰা সুৰক্ষা দিব নোৱাৰে,’’-বিজ্ঞপ্তিটোত লগতে কোৱা হয়।

নৰ্থইষ্ট নাওৰ সাংবাদিকসকলে মেঘালয় আৰক্ষীৰ সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰাৰ স্বেচ্ছাচাৰী পদক্ষেপৰ বিৰুদ্ধে কৰ্তৃপক্ষক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতিটোৰ পৰা সংবাদ গোষ্ঠীৰ সদস্যসকলক মুক্ত কৰাৰ বাবে অনুৰোধ জনাইছে।