বিধেয়ক পুনৰ উত্থাপিত হ’লে ঐক্যবদ্ধ সংগ্ৰাম কৰিব উত্তৰ-পূববাসীয়ে : জোৰামথাংগা

Mizoram-Zoramthanga-oath-taking-ceremony-7-750x375

মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাৰ ফাইল ফটো

বিজেপিয়ে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাত ব্যৰ্থ হ’লেও ভৱিষ্যতে এই বিধেয়কখন পুনৰ ৰাজ্যসভাত উত্থাপন কৰিব বুলি শংকিত হৈ আছে উত্তৰ-পূবৰ জনতা।

এই শংকা প্ৰকাশ কৰি ১৪ ফেব্ৰুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই কয় যে যদিহে ভৱিষ্যতত কেন্দ্ৰীয় চৰকাৰে পুনৰ এই বিধেয়কখনৰ প্ৰসংগ আনে বা ইয়াক আইনত পৰিণত কৰে তেন্তে ইয়াৰ বিৰুদ্ধে সকলো ৰাজনৈতিক দল, বেচৰকাৰী সংস্থা, দল-সংগঠনৰ লগতে উত্তৰ-পূবৰ সাধাৰণ জনতাই মাৰ বান্ধি যুঁজিব।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰা মিজোৰামৰ মুখ্য মন্ত্ৰীগৰাকীয়ে উচ্চ সদনত যাতে এই বিধেয়কখন পুনৰ উত্থাপন কৰিব নোৱাৰে তাৰ বাবে সকলো দল-সংগঠন, ৰাইজ তথা ৰাজনৈতিক দলসমূহক একত্ৰিত হৈ থাকিবলৈ অনুৰোধ জনায়।

বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূবত হোৱা প্ৰতিবাদৰ কথা সদৰী কৰি তেওঁ পুনৰ কয় যে উত্তৰ-পূববাসীৰ ঐক্যবদ্ধ তথা নিৰন্তৰ প্ৰতিবাদৰ বাবেই ১৩ ফেব্ৰুৱাৰিত এই জাতিধ্বংসী বিধেয়কখন বিজেপিয়ে ৰাজ্যসভাত উত্থাপন কৰাত ব্যৰ্থ হয়।

উল্লেখযোগ্য যে এই বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূবৰ আন ৰাজ্য কেইখনৰ লগতে মিজোৰামতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱা দেখা গৈছিল। মিজোৰামত প্ৰতিবাদ ইমানেই তীব্ৰতৰ হৈছিল যে মিজো নাগৰিক আৰু ছাত্ৰ সংগঠনৰ সমন্বয় সমিতি এন জি অ’ ক’-অৰ্দিনে’চন কমিতিয়ে (এম এন চি চি) বিধেয়খন বাতিলৰ দাবীত ২৬ জানুৱাৰিত গণৰাজ্য দিৱসৰ চৰকাৰী কাৰ্য্যসূচীও বৰ্জন কৰিছিল।