চূড়ান্ত এন আৰ চি প্ৰকাশ পৱাৰ এমাহতকৈ অধিক পাৰ হৈ যোৱাৰ পাছত হিন্দু যুৱ ছাত্ৰ পৰিষদে বিদেশী চিনাক্তকৰণৰ বাবে এন আৰ চিৰ ভিত্তিবৰ্ষ ১৯৭১চনৰ ২৪ মাৰ্চৰ পৰিৱৰ্তে ১৯৫১ চন হ’ব লাগে বুলি দাবী কৰিছে।
‘’অবৈধ বিদেশী বিতাড়নৰ বাবে চলা ছবছৰীয়া আন্দোলনত ৮৫৫জন অসমৰ যুৱক শ্বহীদ হোৱাৰ লগতে বিপুল সম্পত্তিৰ ক্ষতি হোৱাৰ পাছত সম্পন্ন হোৱা অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৫১ চনৰ পৰিৱৰ্তে ১৯৭১ চনৰ ২৪ মাৰ্চ হোৱাৰ বাবে ই কোনো কোনো উদ্দেশ্য পূৰণ কৰিব নোৱাৰিলে,’’-শিলচৰত শনিবাৰে সন্ধিয়া হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই নৰ্থইষ্ট নাওৰ আগত এইদৰে কয়।
‘’চুক্তিখনৰ ভিত্তিবৰ্ষ ১৯৭১চন হোৱা বাবে ই মাত্ৰ অবৈধ অনুপ্ৰৱেশকাৰীক অসমত বসবাস কৰা তথা শান্তিপূৰ্ণভাৱে নিগাজী হোৱাৰ সোণালী সুযোগ দিলে। ভাৰতবৰ্ষৰ কতো বিদেশী বিতাড়নৰ বাবে আন্দোলন কৰিবলগীয়া হোৱা নাই, নাইবা কোনোৱে ইয়াৰ বাবে জীৱন উৎসৰ্গা কৰিবলগীয়া হোৱা নাই,’’-বৈশ্যই লগতে কয়।
তেওঁ কয় যে অসম চুক্তি অসমৰ বাবে আশীৰ্বাদ নহয়, অভিশাপহে।
‘’অসমৰ বাহিৰে ভাৰতবৰ্ষৰ আন সকলোবোৰ ৰাজ্যত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১চন। এই চুক্তিখন ‘আশীৰ্বাদ’ নহয়, বৰঞ্চ এক ‘অভিশাপহে,’’-বৈশ্যই কয়।
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ স্থিতি সম্পৰ্কে সোধাত বৈশ্যই কয়,’’কেবৰ কথা পাছত আহিব, আমি এই মুহূৰ্তত দেশৰ আন অংশৰ সমান্তৰালভাৱে ভিত্তিবৰ্ষ ১৯৭১চন বাতিল কৰি ১৯৫১চন কৰাৰ বাবে দাবী কৰিছো।‘’
যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰিছিল।